ইংৰাজী নাম ঃ Elephant Fruit
বৈজ্ঞানিক নাম ঃ Lillenia indica Linn
ঔ টেঙা চিৰসেউজীয়া ডাঙৰ গছ। ঔটেঙা খাবলৈ বহুত সোৱাদ যুক্ত। কথাতে কয়-‘ ঔ টেঙাৰে ৰৌ মাছ সোৱাদ লগাই খাবা।’ অকল ৰৌ মাছেই নহয় ঔ টেঙাৰে ৰান্ধা মাছৰ আঞ্জাখন অতি তৃপ্তিৰে খোৱ হয়। ঔ টেঙা দালিত দি খোৱা হয়। ঔটেঙাৰ আচাৰ , চাটনিও বনাই খোৱা হয়। চ’ত মাহত ঔ টেঙা পকাৰ কাৰণে খাবলৈ আৰু সোৱাদ হয়। এই সময়ত বতৰ ৰাই-জাই হৈ থকাৰ কাৰণে খাবলৈ ভাল নলগা হৈ যায়। পকা ঔ টেঙা টক বনাই খাই তৃপ্তি পোৱা যায়। সোৱাদেৰে ভৰা ঔ টেঙাৰো আছে বহুতো ঔষধি গুণ । জানো আহকচোন-
১) ঔ টেঙা আহেৰে পৰিপূৰ্ণ।বহুমূত্ৰ ৰোগত ঔ টেঙা উপকাৰী।
২) ঔ টেঙা খালে কোষ্ঠকাঠিন্য সহজে দূৰ হয়।
৩) ঔ টেঙাই কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
৪) ঔ টেঙাৰ ৰস চেনিৰ লগত খালে জ্বৰ ভাল হয়।
৫) ঔ টেঙা ব্ৰংকাইটিছ ৰোগত উপকাৰী।
৬) ঔ টেঙাৰ ৰস ডেৰ কাপত তিনি চামুচ মৌ মিহলি কৰি খালে কাহ নাইকীয়া হয়।
৭) ঔ টেঙাৰ বিজলেৰে মূৰ ধুলে চুলিৰ গুৰি মজবুত হয় আৰু চুলিৰ গুৰিত হোৱা উফি সহজে নাইকীয়া হয়।
৮) নিয়মীয়াকৈ ঔ টেঙাৰ বিজলেৰে মূৰ ধুলে চুলিৰ উজ্বলতা বৃদ্ধি হয়।
৯) ঔ টেঙাৰ ভিতৰৰ বিজল গুটিটো জুইত পুৰি তাৰ ছাই কটা ঘাত লগালে ঘা সহজে শুকায়।
১০) ঔ টেঙা বসন্তৰ প্ৰতিষেধক হিচাপে কাম কৰে।