আজি বিশিষ্ট সাহিত্যিক পদ্মনাথ গোহাঞি বৰুৱাৰ স্মৃতি দিৱস । একাধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, প্ৰাবন্ধিক আৰু সাংবাদিক পদ্মনাথ গোহাঞি বৰুৱা আছিল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি । ১৯১৭ চনত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ প্ৰথম অধিবেশনত তেওঁ সভাপতিত্ব কৰিছিল । তেওঁ ‘বিজুলী’ নামৰ আলোচনীখন প্ৰকাশ কৰিছিল আৰু পিচলৈ সম্পাদক হৈছিল । তেওঁ ‘আসাম বন্তি’ কাকতৰো সম্পাদক আছিল । পদ্মনাথ গোহাঞি বৰুৱাৰ সম্পাদনাতে প্ৰকাশ পাইছিল ‘ঊষা’ আলোচনী । তেওঁৰ উপন্যাস ভানুমতী, লাহৰী, নাটক জয়মতী, গাঁওবুঢ়া, টেটোন তামুলী, কবিতাপুথি লীলা কাব্য, জুৰণি, আত্মজীৱনী মোৰ সোঁৱৰণী, ধৰ্মমূলক গ্ৰন্থ শ্ৰীকৃষ্ণ, গীতাসাৰ, অন্যান্য গ্ৰন্থ অসম বুৰঞ্জী, সাহিত্য সংগ্ৰহ, ভূগোল দৰ্পণ আদি উল্লেখযোগ্য । ১৯৪৬ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী মহান সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি বিশ্ববিশ্ৰুত কবি উইলিয়াম ৱৰ্ডছৱৰ্থৰ ওপজা দিন । ১৯৪৩ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ কাম্বাৰলেণ্ডত তেওঁৰ জন্ম হৈছিল । ৱৰ্ডছৱৰ্থ ইংৰাজী ৰোমাণ্টিক কবি হিচাপে পৰিচিত । তেওঁ চেমুৱেল টেইলৰ কোলৰিজৰ সৈতে ইংৰাজী সাহিত্যত ৰোমাণ্টিক যুগৰ সূচনা কৰিছিল । আচলতে ৱৰ্ডছৱৰ্থৰ হাততে ৰোমাণ্টিক ধাৰাৰ কবিতাই পূৰ্ণতা লাভ কৰে । এইগৰাকী বিশিষ্ট কবিলৈ আমাৰ প্ৰণাম ।
আজি প্ৰসিদ্ধ চেতাৰ বাদক পণ্ডিত ৰবি শংকৰৰ ওপজা দিন । ১৯২০ চনৰ আজিৰ দিনটোতে বাৰানসীত তেওঁৰ জন্ম । চেতাৰ বাদনেৰে তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ঐতিহ্য আৰু ভাৰতীয় সংগীতক পাশ্চাত্য বিশ্বৰ সন্মুখত প্ৰথমে তুলি ধৰিছিল । তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ মাইহাৰ ঘৰাণাৰ স্ৰষ্টা আচাৰ্য আলাউদ্দিন খান চাহাবৰ শিষ্য আছিল । সুদীৰ্ঘ ছয় দশকজোৰা সাংগীতিক কৰ্মজীৱনৰ বাবে তেওঁ গীণিজ ৰেকৰ্ডৰ অধিকাৰী হৈছিল । ১৯৯৯ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে । এইগৰাকী সংগীত শিল্পীলৈ আমাৰ প্ৰণাম ।