সীমান্তৱর্তী অঞ্চলত আগ্ৰাসনেই নহয়,চাইবাৰ আক্ৰমণেৰেও চীনে ভাৰতৰ বিৰুদ্ধে ৰচি আহিছে ষড়যন্ত্ৰ ৷ এইবাৰ চীন চৰকাৰৰ পৃষ্ঠপোষকতাত একাংশ হেকাৰৰ লক্ষ্য হৈ পৰিছে ভাৰতৰ বিদ্যুৎ বিতৰণ কেন্দ্ৰ অথবা পাৱাৰ গ্ৰীডসমূহ ৷ বিশেষকৈ ভাৰত-চীন সীমান্তৱর্তী লাডাখৰ বিদ্যুৎ বিতৰণ কেন্দ্ৰসমূহ লক্ষ্য কৰি লৈছে চীনৰ হেকাৰে ৷ ব্যক্তিগত চোৰাংচোৱা প্ৰতিষ্ঠান ‘ৰেকৰ্ড ফিউচাৰ’ৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷
শেহতীয়াকৈ চীনৰ হেকাৰে ৭টা বিদ্যুৎ বিতৰণ কেন্দ্ৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ লাডাখৰ লগতে উত্তৰ ভাৰতৰ বিদ্যুৎ বিতৰণ কেন্দ্ৰ হেকাৰসকলে আক্ৰমণ কৰি লৈছে ৷ প্ৰতিবেদন প্ৰকাশ কৰাৰ পূর্বে প্ৰতিষ্ঠনটোৱে চৰকাৰক এই সন্দর্ভত সতর্ক কৰি দিছে ৷
চৰকাৰী পৃষ্ঠপোষকতাত হেকাৰসকলৰ পৰা অহা ভাবুকিক লৈ ভৱিষ্যতে সতর্ক হোৱাৰ পোষকতা কৰে ৰেকর্ড ফিউচাৰে ৷ কেবল জলবিদ্যুৎ প্ৰকল্পই নহয় চীনা হেকাৰসকলে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পসমূহৰ তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছে বুলিও তেওঁলোকে প্ৰকাশ কৰিছে ৷