অতি শীঘ্ৰেই ভাৰত ক’ভিডৰ তৃতীয় ঢৌৰ আহিব, এই আশংকা প্ৰকাশ কৰিছে হায়দৰাবাদ আৰু কানপুৰৰ ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ (আইআইটি) মাথুকুমাল্লি বিদ্যাসাগৰ আৰু মনীন্দ্ৰ আগৰৱালাৰ নেতৃত্বৰ এটি গৱেষক দলে। আগষ্ট মাহৰ আৰম্ভণিতে প্ৰতিদিনে ১৫০,০০০ সৰ্বোচ্চ আৰু ১০০,০০০ সৰ্বনিম্ন সংক্ৰমণৰ সৈতে ভাৰত দ্ৰুতগতিত ভয়াবহ পৰিস্থিতিৰ দিশে গতি কৰিছে।
হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি বিদ্যাসাগৰে ইমেইল যোগে ব্লোমবাৰ্গ জনাইছে যে, কেৰালা আৰু মহাৰাষ্ট্ৰই ক’ভিড সংক্ৰমণৰ ভয়াবহ ছবিখন প্ৰতিফলিত কৰিছে। ক্ৰমান্বয়ে বাঢ়ি অহা এই সংক্ৰমণে অক্টোবৰত চূড়ান্ত ৰূপ ধাৰণ কৰিব।
দ্বিতীয় ঢৌৰ সময়ত ভাৰতত প্ৰতিদিনে ৪০০,০০০তকৈ অধিক সংক্ৰমণৰ তথ্য প্ৰকাশিত হৈছিল। সেই ভয়াবহতাৰ তুলনাত ক’ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ দ্বিতীয় ঢৌতকৈ কম হ’ব বুলি অনুমান কৰা হৈছে।
বিদ্যাসাগৰ আৰু তেঁওৰ দলে এপ্ৰিলত ঘোষণা কৰিছিল যে, জুলাই মাহৰ মাজভাগত সংক্ৰমণৰ ছবি ভয়াবহ হৈ উঠিব। অৱশ্যে সেই ঘোষণা মিছা প্ৰমাণিত হ’ল। গৱেষকজনে ইয়াৰ কাৰণ বাখ্যা কৰিছে যে ভাইৰাছটোৱে ক্ষীপ্ৰ গতিত নিজৰ স্বভাৱ অতি ভয়াবহ গতিৰে সলনি কৰি আছে। বিশেষজ্ঞসকলে বিগত বৰ্ষত ক’ভিড সংক্ৰমণ কমি অহা বুলি কৰা পূৰ্বানুমান গাণিতিক নক্সাভিত্তিক আছিল।
ভাৰতত দেওবাৰে ৪১,৮৩১ জনৰ ক’ভিড সংক্ৰমণ আৰু ৫৪১ জনৰ মৃত্যুৰ বাতৰি প্ৰকাশ পাইছে। ইয়াৰ মাজতে কেন্দ্ৰই কেৰালা, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ১০খন ৰাজ্যক সতৰ্ক হ’বলৈ আহ্বান জনাইছে।
বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে কৰ’না ভাইৰাছৰ ডেল্টা প্ৰকাৰ বসন্তৰ দৰে সহজে বিয়পে। আনকি ভেকচিন লোৱা লোকৰ দ্বাৰাও ই বিয়পিব পাৰে। তথ্য অনুসৰি, মে, জুন আৰু জুলাইত প্ৰতি ১০ টা ক’ভিড সংক্ৰমণৰ ঘটনাৰ প্ৰায় ৪ টা সংক্ৰমণ ডেল্টা প্ৰকাৰৰ ফলত হৈছিল।