নগাওঁ সদৰ চক্ৰৰ অন্তৰ্গত ৪৮খন বিহু কমিটিক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতেই নগাঁও জিলা প্ৰশাসনে বাতিল কৰে বিহু কমিটিক চেক বিতৰণৰ কাৰ্যসূচী ৷ আজি নগাঁও জিলাৰ খগেন মহন্ত প্ৰেক্ষাগৃহত সাত বিহুত বিগত ১০বছৰে ৰঙালী বিহু উদযাপন কৰা কমিটিসমূহক চেক বিতৰণ কৰাৰ বাবে জিলা প্ৰশাসনে অয়োজন কৰিছিল এক অনুষ্ঠানৰ ৷ কিন্তু নগাঁও সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তালিকাভুক্ত ৪৮খন বিহু কমিটীক লৈ সৃষ্টি হোৱা তীব্ৰ বিতৰ্কৰ পিছতে তৎপৰ হৈ উঠিল জিলা প্ৰশাসন ৷ নগাঁও জিলা তথ্য আৰু জনসংযোগ বিষয়াই সেয়ে শেহতীয়াকৈ এই অনুষ্ঠান বাতিল হোৱাৰ কথা ঘোষণা কৰে ৷
জানিব পৰা মতে বিহু কমিটি সমূহৰ পুনৰীক্ষণ কৰাৰ পিছতহে নগাঁৱত চেক বিতৰণ কাৰ্যসূচী পুনৰ ৰূপায়ণ কৰা হ’ব আৰু বহু কেইখন বিহু কমিটিৰ নাম কৰ্ত্তন কৰা হ’ব বৰ্তমানৰ তালিকাৰ পৰা ৷ ৰঙালী বিহুক লৈ একাংশ দুষ্টচক্ৰৰ ধন আত্মসাৎ কৰাৰ এনে অপকৰ্মই লজ্জিত কৰাৰ লগতে ক্ষোভিত কৰিছে স্থানীয় ৰাইজক ৷