বিবাহ বিচ্চেদৰ পাছতো এহাল পত্নী আৰু স্বামীৰ মাজত অব্যাহত থকা সংঘাতক লৈ আচৰিত হৈ পৰিছে উচ্চতম ন্যায়ালয়ে ৷ যোৱা ৪১ বছৰত পৃথক হোৱা দম্পতীয়ে ইজনে এজনৰ বিৰুদ্ধে তৰিছে ৬০ টা গোচৰ ৷ দম্পত্তিহালৰ এই কার্যত বুধবাৰে আশ্চর্য প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে তেওঁলোকক বিবাদ নিষ্পত্তিৰ বাবে মধ্যস্থতাকাৰীৰ সহায় ল’বলৈ নির্দেশ দিয়ে ৷
মুখ্য ন্যায়াধীশ এন ভি ৰমনৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে কয় “আমি কি কৰিম ? কিছুমান মানুহে কাজিয়া কৰি ভাল পায়। তেওঁলোকে সদায় আদালতলৈ আহিব বিচাৰে। আদালতলৈ নাহিলে তেওঁলোকৰ টোপনি নাহে ৷”পৃথক হোৱা দম্পতীহালৰ পৰামৰ্শদাতাক বিবাদটোৰ এক সৌহাৰ্দ্যপূৰ্ণ সমাধানৰ নির্দেশ দিয়ে ৷ স্বামী আৰু পত্নীয়ে তেওঁলোকৰ বিবাহৰ ৩০ বছৰ আৰু ১১ বছৰৰ বিচ্ছেদৰ সময়ছোৱাত মুঠ ৬০ টা গোচৰ ৰুজু কৰা বুলি সদৰী কৰাৰ পাছতে ন্যায়াধীশ কৃষ্ণ মুৰাৰী আৰু হিমা কোহলীক লৈ গঠিত বিচাৰপীঠখন আচৰিত হৈ পৰে ৷