আজি ঊনৈশ শতিকাৰ বিশিষ্ট বাংলা ঔপন্যাসিক বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ স্মৃতি দিৱস । তেওঁক প্ৰথম আধুনিক বাংলা ঔপন্যাসিক হিচাপে গণ্য কৰা হয় । গীতাৰ ব্যাখ্যাদাতা আৰু সাহিত্য সমালোচক হিচাপেও তেওঁ খ্যাত । তেওঁ বাংলা সাহিত্যৰ সাহিত্য সম্ৰাট হিচাপে পৰিচিত । তেওঁ কমলাকান্ত ছদ্মনামেৰেও লিখা-মেলা কৰিছিল । আনন্দমঠ, দুৰ্গেশনন্দিনী, ৰাজসিংহ আদি তেওঁৰ উল্লেখযোগ্য ৰচনাৱলী । তেওঁৰ আনন্দমঠ উপন্যাসৰ কবিতা বন্দে মাতৰম আমাৰ দেশৰ ৰাষ্ট্ৰীয় গীত হিচাপে স্বীকৃত । তেওঁ Rajmohan’s Wife নামৰ এখন ইংৰাজী উপন্যাসো লিখিছিল । তেওঁ বাংলা ভাষাৰ প্ৰথম সাহিত্য আলোচনী ‘বংগ দৰ্শন’ৰ সম্পাদক আছিল । ১৮৯৪ চনৰ আজিৰ দিনটোতে কলকাতাত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী বিশিষ্ট সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজিৰ দিনটোতে ভাৰতৰ চিপাহী বিদ্ৰোহৰ অন্যতম হোতা মংগল পাণ্ডেক ব্ৰিটিছে ফাচী দিছিল । তেওঁ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৩৪ বেংগল নেটিভ ইনফেণ্ট্ৰি (বি এন আই ) ৰেজিমেণ্টৰ চিপাহী আছিল । ১৮৫৭ চনৰ ২৯ মাৰ্চৰ দিনা কলিকতাৰ উপকণ্ঠৰ উত্তৰ চব্বিছ পৰগণা জিলাৰ বেৰেকপুৰত মংগল পাণ্ডেৰ জৰিয়তেই সূত্ৰপাত ঘটিছিল চিপাহী বিদ্ৰোহৰ । সেইবাবে ব্ৰিটিছে তেওঁক আজিৰ দিনটোতে ফাচী দিয়ে । ১৯৮৪ চনৰ ৫ অক্টোবৰত ভাৰত চৰকাৰে তেওঁৰ স্মৃতিত এটা ডাকটিকটৰ প্ৰচলন কৰে ।এইগৰাকী মহান স্বাধীনতা সংগ্ৰামীলৈ আমাৰ প্ৰণাম ।
আজি বিশ্ববিখ্যাত স্পেনিচ চিত্ৰশিল্পী পাবলো পিকাচোৰ স্মৃতি দিৱস । তেওঁৰ সম্পূৰ্ণ নামটো আছিল পাবলো ৰুইজ ই পিকাচো । তেওঁ আছিল একাধাৰে চিত্ৰশিল্পী, ভাস্কৰ, মৃৎশিল্পী, মঞ্চশিল্পী, কবি তথা নাট্যকাৰ । তেওঁ বিংশ শতিকাৰ এগৰাকী অতি প্ৰভাৱশালী চিত্ৰশিল্পী আছিল । স্পেইনৰ গৃহযুদ্ধৰ বিৰুদ্ধে অঁকা তেওঁৰ গোৱেৰ্ণিকা (১৯৩৭) এখন অতি বিখ্যাত চিত্ৰ । লেই দেমোৱেজেল দে’ভিনিয়োঁ (১৯০৭), দ্য উইপিং উইমেন (১৯৩৭) তেওঁৰ উল্লেখযোগ্য চিত্ৰকৰ্ম । ১৯৭৩ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ মোগিঁত তেওঁৰ মৃত্যু হয় । এইগৰাকী বিশিষ্ট চিত্ৰশিল্পীলৈ আমাৰ প্ৰণাম ।