ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পৰা ডুবাইলৈ ৰপ্তানি আৰম্ভ কৰা হয় আলফুলীয়া কঠাল আৰু সেউজীয়া জলকীয়াৰ । পোনপ্ৰথমবাৰৰ বাবে ধুবুৰী জিলাত উৎপাদিত পণ্য সামগ্ৰী ৰপ্তানি কৰা হয় । এক বাণিজ্যিক প্ৰেৰিত চালান পণ্য সামগ্ৰী আলফুলীয়া কঠাল আৰু সেউজীয়া জলকীয়া ডুবাইলৈ ৰপ্তানি ধুবুৰী জিলাৰ পৰা আৰম্ভ কৰা হৈছে । এয়া প্ৰথমবাৰৰ কাৰণে অসম বুৰঞ্জীত লিপিবদ্ধ হৈ থাকিব যে, অসমৰ পৰা ডুবাইলৈ কঠাল ৰপ্তানি হৈছে । এই ঐতিহাসিক মূহুৰ্তক জিলা উপায়ুক্ত অন্বমুথান এম.পি. য়ে ৰপ্তানিৰ কাৰ্য্যক্ৰমণিকা বিলাসীপাৰা নগৰৰ পৰা ফ্লেগ অফ কৰে ।
ৰপ্তানি হোৱা প্ৰেৰিত চালান পণ্য সামগ্ৰী হ’ল ১.৫ টন আলফুলীয়া কঠাল আৰু ০.৫ টনৰো অধিক সেউজীয়া জলকীয়া । লুলু আন্তৰাষ্ট্ৰীয় দ’লে নিজৰ বাণিজ্যিক শিকনি ২২৫টা বৰ বজাৰ আৰু বিপণন কেন্দ্ৰৰ জৰিয়তে উপসাগৰ দেশত বিতৰণ আৰু ব্যৱসায় কৰিব । ধুবুৰী জিলা উপায়ুক্ত অন্বমুথান এম.পি.য়ে প্ৰেৰিত চালান পণ্য সামগ্ৰীৰ ৰপ্তানি ফ্লেগ অফ কৰি শুভাৰম্ভণি কৰে আৰু কাৰ্য্যক্ৰমণিকাত বিলাসীপাৰা মহকুমাধিপতি জয় শিৱানী, জিলা উন্নয়ন বিষয়া কান্তা দাস প্ৰমুখ্যে কৃষি বিভাগ, কৃষি বিকাশ কেন্দ্ৰ, এ.পি.ই.ডি.এ.ৰ কৰ্মচাৰী সকল উপস্থিত থাকে ।