৯ এপ্ৰিল ২০২২ তাৰিখে গুৱাহাটী টাউন ক্লাবত বিয়লি চাৰি বজাত এখন গাম্ভীৰ্য্যপূৰ্ণ সভাত কেৰেলা চৰকাৰৰ জলসম্পদ বিভাগৰ সচিব ,আই এ এছ বিষয়া প্ৰণৱ জ্যোতি নাথৰ ‘শালভঞ্জিকা মই জানো ,তুমি সকলো ঋতুৰে’ শীৰ্ষক এখনি কাব্যগ্ৰন্থ উন্মোচন কৰা হয় ৷ উন্মোচনী অনুষ্ঠানটিত অসমৰ বিশিষ্ট কবি,অনুবাদক আনিছ উজ জামানে কাব্যগ্ৰন্থ খন উন্মোচন কৰি কয় যে,এই কাব্যগ্ৰন্থত সুকীয়া আৰু উপলক্ষিত কাহিনী বৰ্ণিত হৈছে ৷ ‘
আন এগৰাকী উন্মোচক বিশিষ্ট কবি ,নিবন্ধকাৰ ,সমীৰ তাঁতীয়ে কয় যে,’আত্মাৰ অনুৰণন সামাজিক অনুৰণন হ’ব পাৰে আৰু এয়েই কবিতাৰ মৰ্ম’ ৷ আনহাতে কবি ,সমালোচক প্ৰাণজিৎ বৰাই গ্ৰন্থখনৰ ভূয়সী প্ৰশংসা কৰি কয় যে,কবিতাসমূহে অসম আৰু ওড়িশাৰ মাজত সাংস্কৃতিক সেতুবন্ধন গঢ়ি তোলাৰ লগতে জটিলতাৰ আৱৰ্তৰ সময়ত ৰূপকল্প ধৰি ৰাখিছে ৷ আই পি এছ বিষয়া হীৰেন নাথে কবিগৰাকীৰ শৈশৱৰ কথা ৰসাল ভাৱে বৰ্ণনা কৰি বিশ্লেষণাত্মক আৰু সংবেদনশীল কবিগৰাকীৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি বক্তব্য প্ৰদান কৰে ৷ কবি প্ৰণৱ জ্যোতি নাথৰ পত্নী তথা ওড়িশা চৰকাৰৰ প্ৰশাসনীয় বিষয়া ডক্তৰ মমতাৰাণী নায়কে ‘শালভঞ্জিকা’ৰ তাৎপৰ্য বাখ্যা কৰি কয় যে, ‘ই হ’ল এক অনন্য ভাস্কৰ্য, যি বহু কবি,শিল্পীক যুগে যুগে অনুপ্ৰেৰণা যোগাই আহিছে ‘৷
কবিগৰাকীৰ পিতৃ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দীনেশ্বৰ নাথে অসমীয়া মাধ্যমত পঢ়ুওৱা পুত্ৰৰ শৈক্ষিক উত্তৰণৰ বিষয়ে দুআষাৰ কথা কয় ৷ বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা উন্মোচনী অনুষ্ঠানটোত বেটুপাত শিল্পী পংকজ পৰাণ ,আৰ্হি পাঠক আৰু হৰেকৃষ্ণ দাসক সম্বৰ্ধনা জনোৱা হয় ৷ জ্যোতি প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা কাব্যগ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানটিৰ আঁত ধৰে লেখক তথা সাংবাদিক অংকুৰ ডেকাই ৷
উল্লেখযোগ্য যে অসম সন্তান সুকবি প্ৰণৱজ্যোতি নাথে ওড়িয়া আৰু মালায়লম গীতত কণ্ঠদান কৰি এগৰাকী গায়ক হিচাপেও বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷