প্ৰথমাবাৰলৈ ডুবাইলৈ ৰপ্তানি কৰা হৈছে অসমত উৎপাদিত কঁঠাল আৰু জলকীয়া ৷ শণিবাৰে এই ৰপ্তানি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে ধুবুৰীৰ উপায়ুক্ত আন্বামুথান এম পিয়ে ৷ বিলাসীপাৰা চহৰৰ পৰা আৰম্ভ কৰা হয় এই ৰপ্তানি প্ৰক্ৰিয়াৰ ৷ গুৱাহাটী বিমান বন্দৰৰ পৰা ডুবাইলৈ প্ৰেৰণ কৰা হৈছে ৰপ্তানিকৃত সামগ্ৰী সমূহ ৷ প্ৰথম পৰ্যায়ত ১.৫ টন কঁঠালৰ মুচি আৰু ০.৫টন সেউজীয়া জলকীয়া প্ৰেৰণ কৰা হৈছে ডুবাইলৈ ৷ ৰপ্তানিকৃত প্ৰতিষ্ঠান লুলু গ্ৰুপ ইণ্টাৰনেচনেলে এই ৰপ্তানি প্ৰক্ৰিয়াৰ নেতৃত্ব বহন কৰিছে ৷ কৃষি আৰু সংসাধিত খাদ্য-সামগ্ৰী ৰপ্তানি উন্নয়ন সংস্থা চমুকৈ এপেডাৰ উদ্যোগত লুলু গ্ৰুপে এই ৰপ্তানি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ ৰপ্তানি প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন হোৱাৰ ক্ষেত্ৰত সকলোধৰণৰ সহযোগিতা আগবঢ়াইছে ধুবুৰী জিলা প্ৰশাসনে ৷ এপেডাৰ শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া মতে ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত উৎপাদিত সামগ্ৰী সমূহ একত্ৰিত কৰি ডুবাইলৈ ৰপ্তানি কৰা হৈছে ৷ উল্লেখ্য যে ধুবুৰীত এনে বহু কৃষিজাত সামগ্ৰী উৎপাদন কৰা হয় যাৰ ৰপ্তানিৰ মূল্য যথেষ্ট ৷ সেয়ে এই সামগ্ৰী সমূহ বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰাৰ ব্যৱস্থা কৰিছে এপেডাই ৷ কিছুদিন পূৰ্বদে সংস্থাটোৱে গুৱঅটীত অনুষ্ঠিত কৰা এখন প্ৰদৰ্শনীত ধুবুৰীৰ কৃষক উৎপাদক সংস্থাসমূহক সাক্ষাৎ কৰিছিল লুলু গ্ৰুপৰ প্ৰতিনিধিসকলে আৰু এই সাক্ষাতৰ ফলস্বৰূপেই আৰম্ভ হৈছে এই ৰপ্তানি প্ৰক্ৰিয়া ৷ বিলাসীপাৰা আৰু নায়েৰ আলগা উন্নয়ন খণ্ডৰ কৃষকসকল এই ৰপ্তানিৰ দ্বাৰা উপকৃত হ’ব ৷ লুলু গ্ৰুপৰ প্ৰবন্ধক ৰবি কুমাৰে কয় যে, ধুবুৰীৰ পৰা এই সামগ্ৰী দুবিধৰ ৰপ্তানি নিৰৱচ্ছিন্ন ভাৱে চলাই নিয়া হ’ব ৷