আজি গুৰু টেগ বাহাদুৰৰ ওপজা দিন । তেওঁ আছিল শিখ ধৰ্মৰ দহগৰাকী গুৰুৰ ভিতৰত নৱম গৰাকী । ১৬২১ চনৰ আজিৰ দিনটোতে তেওঁৰ জন্ম হৈছিল । শিখ ধৰ্মগ্ৰন্থ গুৰু গ্ৰন্থ চাহিবত তেওঁৰ এশ পোন্ধৰটা শ্লোক সন্নিবিষ্ট আছে । তেওঁ আছিল আনন্দপুৰ চাহিবৰ প্ৰতিষ্ঠতা । তেওঁ মোগলৰ জিজিয়া কৰৰ বিৰোধিতা কৰিছিল । ৰজাক প্ৰত্যাহ্বান জনোৱাৰ অপৰাধত তেওঁক দিল্লীত ৰাজহুৱাকৈ মৃত্যুদণ্ড দিয়া হয় । এইগৰাকী ধৰ্মীয় গুৰুলৈ আমাৰ প্ৰণাম ।
আজি স্বাধীনতা সংগ্ৰামী তথা ৰাজনীতিক মহেন্দ্ৰ মোহন চৌধুৰীৰ ওপজা দিন । ১৯০৯ চনত বৰ্তমানৰ বৰপেটা জিলাৰ নগাঁৱত তেওঁৰ জন্ম হৈছিল । অসমত ভাৰত ত্যাগ আন্দোলনৰ আগৰণুৱা মহেন্দ্ৰ মোহন চৌধুৰীয়ে গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমক গ্ৰুপিঙৰ পৰা ৰক্ষা কৰিবলৈ ১৯৪৬ চনৰ ১৫ ডিচেম্বৰত মহাত্মা গান্ধীক শ্ৰীৰামপুৰত লগ কৰি অসমক পূব পাকিস্তানৰ অংগ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ যোৱা দুজনীয়া দলটোৰ এজন আছিল । তেওঁ অসমৰ চতুৰ্থগৰাকী মুখ্যমন্ত্ৰী আছিল । তেওঁ পঞ্জাবৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।