কাপোৰৰ সৈতে লণ্ড্ৰী ড্ৰায়াৰত এটি চাৰিবছৰীয়া শিশুক ভৰাই দিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আমেৰিকাত ৷ প্ৰাপ্ত তথ্য অনুসৰি ফ্ল’ৰিডাৰ এগৰাকী ৩৫ বছৰীয়া মহিলাই শিশুটিক লণ্ড্ৰী ড্ৰায়াৰৰ ভিতৰত ৰাখি মেচিন অন কৰি দিয়ে ৷ যাৰ ফলত শিশুটিয়ে শৰীৰৰ কেইবাটাও স্থানত গুৰুতৰভাৱে আঘাত পায় ৷ইতিমধ্যে মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ এম্বাৰ চেপমেনৰ এই কার্যত আঘাতপ্ৰাপ্ত শিশুটি বর্তমান আই চি ইউত চিকিৎসাধীন হৈ আছে ৷
উল্লেখযোগ্য যে ঘটনাটো ফেব্ৰুৱাৰীত সংঘটিত হৈছিল ৷ আঘাত প্ৰাপ্ত শিশুটিয়ে চিকিৎসকক জনোৱা অনুসৰি চেপমেনে তেওঁক কিছু টাৱেলৰ সৈতে যন্ত্ৰটোৰ ভিতৰত সুমুৱাই দিছিল ৷ ৩৫ বছৰীয়া মহিলা গৰাকীৰ তত্বাৱধানত আছিল শিশুটি ৷ অৱশ্যে মেচিন চলি থকা অৱস্থাতে কোনো মতে ওলাই আহি প্ৰাণ ৰক্ষা কৰে শিশুটিয়ে ৷ শিশুটিক মহিলা গৰাকীয়ে কৰা এনে অমানুষিক অত্যাচাৰক সকলোৱে গৰিহণা দিছে ৷