দেশৰ অসামৰিক বিমান সেৱা খণ্ডত আজিৰ পৰা সূচনা হ’ল আন এক নতুন যুগৰ ৷ আজিৰ পৰা উৰণ আৰম্ভ হ’ব প্ৰথমখন “মেড ইন ইণ্ডিয়া” অসামৰিক ডৰ্ণিয়াৰ বিমানৰ ৷ এই বিমানখনে অৰুণাচল প্ৰদেশৰ দুর্গম কেইবাখনো চহৰক সংযোগ কৰিব।”মেড ইন ইণ্ডিয়া” ১৭ খন আসনৰ ডৰ্ণিয়াৰ বিমানখন অৰুণাচল প্ৰদেশৰ পাঁচখন দূৰৱৰ্তী চহৰক অসমৰ ডিব্ৰুগড়ৰ সৈতে সংযোগ কৰিব ৷ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে উত্তৰ-পূব অঞ্চলৰ ৰাজ্যসমূহত বিমান সংযোগৰ উন্নয়নৰ বাবে “উত্তৰ-পূব অঞ্চলত বিমান সংযোগ আৰু আন্তঃগাঁথনি প্ৰদান” আঁচনিত অনুমোদন জনাইছে।এই আঁচনিৰ অংশ হিচাপে হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ (এইচএএল) প্ৰথম খন ভাৰতত নিৰ্মিত ডৰ্ণিয়াৰ ডু-228 অসমৰ ডিব্ৰুগড়ৰ পৰা এলায়েন্স এয়াৰৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ পাচিঘাট চহৰলৈ চলোৱা হ’ব ৷
হিন্দুস্তান এৰোনটিক্স লিমিটেড হৈছে ভাৰতৰ একমাত্ৰ আৰু প্ৰথম বাণিজ্যিক বিমান সংস্থা যিয়ে অসামৰিক পৰিচালনাৰ বাবে দেশীয়ভাৱে নিৰ্মিত বিমান উৰণৰ লগতে উত্তৰ-পূব অঞ্চলৰ বাবে প্ৰথম এফটিঅ’ (ফ্লাইং ট্ৰেইনিং অৰ্গেনাইজেচন) লীলাবাৰীত উদ্বোধন কৰিব ৷ দুয়োটা অনুষ্ঠানতে অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপৰি অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী ক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পেমা খাণ্ডু উপস্থিত থাকিব।
এইচ এ এলৰ তথ্য অনুসৰি, বাতানুকল কেবিনৰ সৈতে ১৭ খন আসনৰ ডৰ্ণিয়াৰ ২২৮ বিমান দিন অথবা নিশা দুয়োটা সময়তে চলাচল কৰিব পাৰিব ৷ এই দুখন বিমান যোৱা বৃহস্পতিবাৰে এলায়েন্স এয়াৰক হস্তান্তৰ কৰা হৈছিল ৷এলায়েন্স এয়াৰ প্ৰথমতে ডিব্ৰুগড়ৰ পৰা পাছিঘাটলৈ উৰা মাৰিব। অহা ১৫ এপ্ৰিলৰ ৰ পৰা ২০ দিনৰ ভিতৰত, ই তেজুলৈ আৰু তাৰ পিছত অৰুণাচল প্ৰদেশৰ জিৰোলৈ উৰা মাৰিব। দ্বিতীয় পৰ্যায়ত বিজয়নগৰ, মেচুকাৰ লগতে অন্যান্য স্থানসমূহ সংযোগ কৰিব ৷