আজি ভাৰতীয় উপমহাদেশৰ ইতিহাসত অন্যতম কুখ্যাত হত্যাকাণ্ড হিচাপে চিহ্নিত পঞ্জাবৰ জালিয়ানৱালাবাগত মৃত্যু বৰণ কৰা স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতি দিৱস । ১৯১৯ চনৰ আজিৰ দিনটোতে পঞ্জাবৰ অমৃতসৰত ব্ৰিটিছৰ ৰাওলাট আইনৰ বিৰুদ্ধে সমৱেত হোৱা নিৰস্ত্ৰ জনতাৰ ওপৰত ইংৰাজ সেনানায়ক ব্ৰিগেডিয়াৰ ৰেগিনাল্ড ডায়াৰৰ নিৰ্দেশত নিৰ্বিচাৰে গুলীবৰ্ষণ কৰা হৈছিল । এই ঘটনাত ৩৭৯-১০০০ জন লোক নিহত হোৱাৰ উপৰি আন ১৫০০ জন লোক আহত হৈছিল । এই হত্যাকাণ্ডৰ প্ৰতিবাদত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইটহুড উপাধি ত্যাগ কৰিছিল । এই শ্বহীদসকলৰ প্ৰতি আমাৰ সশ্ৰদ্ধ প্ৰণাম ।
আজি বিখ্যাত আইৰিছ ঔপন্যাসিক, নাট্যকাৰ, চুটিগল্প লেখক, কবি তথা অনুবাদক ছেমুৱেল বেকেটৰ ওপজা দিন । ১৯০৬ চনৰ আজিৰ দিনটোতে আয়াৰলেণ্ডৰ ডাব্লিনত তেওঁৰ জন্ম হৈছিল । নাট পৰিচালক হিচাপেও তেওঁ খ্যাত । ছেমুৱেল বেকেটৰ এখন বিখ্যাত নাটক ‘ৱেইটিং ফৰ গডো’ । ১৯৬৯ চনত তেওঁ সাহিত্যৰ ন’বেল বঁটা লাভ কৰে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি সাহিত্যিক গুণ্টাৰ গ্ৰাছৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী জাৰ্মান কবি, নাট্যকাৰ, ভাস্কৰ তথা গ্ৰাফিক ডিজাইনাৰ । তেওঁৰ প্ৰথমখন উপন্যাস আছিল ‘দ্য টিন ড্ৰাম’ । এই উপন্যাসখনৰ কাহিনীটোক পিছলৈ চলচ্চিত্ৰৰ ৰূপ দিয়া হয় আৰু ১৯৭৯ চনত ই শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শিতানত একাডেমী বঁটা লাভ কৰে । ১৯৯৯ চনত তেওঁ সাহিত্যৰ ন’বেল বঁটা লাভ কৰে । ২০১৫ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ লুবেক চহৰত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।