মাক হোৱাৰ ইচ্ছা প্ৰতিগৰাকী নাৰীৰ মাজতে থাকে। এয়া যেন চিৰন্তন প্ৰবৃত্তি। সৰুতে দৰা-কইনা বা পুতলা খেলাই ইয়াৰ এক অন্যতম প্ৰকাশভংগী। এগৰাকী নাৰী মাতৃ হোৱাতো ইমান সহজ কথা নহয়। যদিওবা সন্তান জন্ম হোৱাৰ পিছত সকলো কষ্ট-যন্ত্ৰনা পাহৰি যায় তথাপিও গৰ্ভধাৰনৰ সময়ছোৱাত বিভিন্ন অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। কিছুমানে খাবলৈ নোঁৱাৰে , কিছুমানে খালেও হজম হোৱাত অসুবিধা হয় কিন্তু সন্তুানৰ সুস্বাস্থ্যৰ বাবে পুষ্টগুণ সম্পন্ন আহাৰ খোৱাটো অতিকৈ প্ৰয়োজনীয়। পুষ্টিকৰ খাদ্য খোৱাৰ অভাৱত গৰ্ভাৱস্থাত ৰক্তহীনতাই দেখা দিয়ে। জানো আহকচোন গৰ্ভাৱস্থাত হোৱা ৰক্তহীনতাৰ প্ৰতিকাৰৰ বিষয়ে-
১) এটা কেঁচা ডালিমৰ ৰস প্ৰতিদিনে ২ বাৰকৈ আহাৰ খোৱাৰ পিছত একেৰাহে তিনি সপ্তাহ খাব লাগে।
২) গৰ্ভাৱস্থাত বা প্ৰসৱৰ পিছত ৰক্তহীনতা প্ৰতিৰোধ কৰিবৰ কাৰণে পৌননৌৱাৰ পাত চাটনি কৰি নিতৌ খাব লাগে।
৩) ৫০ গ্ৰাম ওজনৰ শতমূলৰ আলুৰ ৰসত এগিলাচ গৰুৰ গাখীৰ মিহলাই দিনে দুইবাৰ কৈ এসপ্তাহমান খাব লাগে।
৪) ভাত ৰান্ধোতে প্ৰয়োজনতকৈ অলপ পানী দি তাত এচামুচ পিপলি গুড়া মিহলি কৰি খালে গৰ্ভাৱস্থাত তেজ বৃদ্ধি হয়।
গুড় , খিচমিচ , মিথিশাক , জিলমিল শাক , খেজুৰ , ফুলকবি , গাজৰ , বিলাহী , কলডিল , পচলা , কচুৰ ঠুৰি , নৰসিংহ আদিৰ পাত সুপথ্য। কেঁচা পিয়াঁজ দৈনিক খাব লাগে।