বসন্ত মানে আশা বসন্ত মানে প্ৰত্যাশা। বসন্ত ঋতুৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে নতুন ৰূপ লয়। বসন্তৰ প্ৰথমজাক বৰষুণেই কঢ়িয়াই আনে ধৰিত্ৰী শষ্যসম্ভবা হোৱাৰ বতৰা। গছে গছে কোমল কুঁহিপাত , ফলে ফুল জাতিষ্কাৰ হোৱা প্ৰকৃতিয়েই নতুন বছৰক আদৰিবলৈ প্ৰস্তুতি চলায়।
কৃষি সংস্কৃতিৰ আৰম্ভনিৰ পৰাই অসমীয়া জনসাধাৰণে কৃষিৰ লগত সংগতি ৰাখি ৰঙালী বিহু উদযাপন কৰি আহিছে। বিহুৰ নীতি-নিয়মবোৰ যেন অসমীয়া সমাজৰ দাপোনস্বৰূপ আৰু এই দাপোনতে প্ৰতিভাত হয় সমাজৰ সংস্কৃতি আৰু পৰম্পৰাসমূহ।
অসমীয়াৰ বাপতিসাহোন ব’হাগ বিহু বা ৰঙালী বিহুৰ দোমাহীৰ দিনা বিহুৰ প্ৰথম দিনটোৱে গৰু বিহু। সেইদিনা তেল-মাহ-হালধিৰে গৰুক গা ধুৱায় আৰু লাও-বেঙেনা , থেকেৰা , হালধি আদিৰ চকলবোৰ গালে দলিয়াই গায়-
‘লাও খা বেঙেনা খা
বছৰে বছৰে বাঢ়ি যা’
লাও ,বেঙেনা , থেকেৰাৰ চকল চাট মাৰিডালৰ সৈতে গোহালিৰ বেৰত গুঁজি থৈ দিয়ে। বিশ্বাস আছে যে , এনেদৰে থৈ দিলে বছৰটোত গৰুৰ কোনো বেমাৰ আজাৰ নহয়। সন্ধিয়া গোহালিৰ সন্মুখত আৰু ঘৰৰ চোতালত বিহলঙনি , অগৰা , খেৰ আৰু তুঁহগুৰিৰ জাগ দিয়া হয় আৰু লগতে দীঘলতি – মাখিয়তী গছৰ ডাল-পাতেৰে গৰুক কোবাই গায়-
‘দীঘলতি দীঘল পাত , মাখি মাৰোঁ জাত জাত।’ এনে কৰিলে গৰুৰ গাৰ পৰা মহ-মাখি আঁতৰি যায়।
ব’হাগৰ এক তাৰিখ , নতুন বছৰৰ প্ৰথম দিনটোৱে মানুহৰ বিহু। নতুন বছৰৰ প্ৰথম দিনটোতে নিয়ম-নীতি , পৰম্পৰাৰে অসমীয়াই নতুন বছৰক আদৰি লয়। কিছুমান অঞ্চলত আগদিনাই গোটাই থোৱা সাতবিধ (ভঁকুৰী , বাহাকা , বিৰ্কী , নিম ইত্যাদি) তিতাৰ ৰস ৰাতিপুৱাই খোৱাৰ নিয়ম। ৰাতিপুৱা মাহ-হালধি সানি গা ধুই সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয়। বিহুৰ নতুন বস্ত্ৰ বিহুৱান মৰমৰ গামোচা উপহাৰেৰে এজনে আনজনৰ প্ৰতি মৰম , সন্মান আৰু শ্ৰদ্ধা জনায়।
অসমীয়া সমাজত এই প্ৰথম দিনটোতে এশ এবিধ শাক খোৱাৰ প্ৰথাৰো প্ৰচলন আছে। এশ এবিধ শাক গোটাওতে বিভিন্ন ঔষধি গুণেৰে ভৰপুৰ গুণসম্পন্ন খাদ্য সমূহে আমাক গোটেই বছৰটো সুস্থ-সবল হৈ থকাত সহায় কৰে। আজিৰ দিনত এশ-এবিধ শাক বিচাৰি পোৱাটো সম্ভৱ নহয় গতিকে সাতবিধ শাক গোটাই ‘সাতশাকী ‘খোৱাৰ নিয়ম আছে। তাৰোপৰি বিপদ-বিঘিনি , বতাহ-বৰষুণ , বজ্ৰপাত আদিৰ পৰা ৰক্ষা পৰিবলৈ বছৰৰ প্ৰথম দিনটোতে নাহৰৰ পাতত মহাদেৱৰ শ্লোক লিখি ঘৰৰ দুৱাৰৰ সন্মুখত আৰি দিয়াৰো নিয়ম প্ৰচলিত আছে।
সাতশাকীত কোনো নিৰ্দিষ্ট শাকৰ কথা নাই। বিচাৰি পোৱা যিকোনো সাতবিধ শাক হলেই হ’ল। খুতুৰা , মানিমুনি , ঢেঁকীয়া , ভেদাইলতা , নৰসিংহ , দোৰণ , টেঙেচি , হেলঞ্চি , লাউপাত , কচুপাত , কেৰেলা , বাহাকা , জিলমিল , বিহলঙনী , মৰিচা , পূৰৈ , ব্ৰাহ্মী , পদিনা , পচতীয়া , মহানিম ,ভেকুৰী , তুলসী ইত্যাদি সাতশাকৰ ভিতৰত পৰে।
উজনি অসমত সাতশাকী খোৱাৰ প্ৰথা আছে। সাতশাকী বুলিলে এশ সাত বিধ শাকৰ কথা বুজায়। লাউ , আলু , কচু , কলপচলা , বকফুল , পদুম ফুল , শেৱালি ফুল , কঁঠালৰ মুচি , জালুক , সৰিয়হ , তিল ইত্যাদিও উজনিৰ পিনে সাতশাকীৰ ভিতৰত পৰে। উজনি অসমত এশ সাত বা আঠ বিধ শাক খোৱা আজিৰ দিনতো পৰম্পৰা ৰক্ষা কৰি আহিছে। আনহাতে দৰং জিলাতো এশ সাতবিধ শাকৰ লগত মাছ দিয়াৰো পৰম্পৰা নিহিত হৈ আছে।
উজনি অসমৰ লগতে নামনিৰ গোৱালপাৰা আদি অঞ্চলত ব’হাগৰ এক তাৰিখে ক’ঠালৰ মুচি , আমৰ কলি , মুচুৰ দাইল , নিমপাত আদি গোঁসাইঘৰৰ থাপনাত প্ৰসাদৰ লগত দিয়া হয় আৰু সকলোৱে ভগৱন্তৰ আশীৰ্বাদ লৈ প্ৰসাদ গ্ৰহণ কৰে। সেইদিনৰ পৰা আম আৰু ক’ঠাল মানুহে খাবলৈ লয়।
শৰীৰৰ নানা ধৰণৰ বেমাৰ উপশম কৰাৰ উপৰিও শাকে আমাৰ শৰীৰত শক্তি যোগায়। কেলচিয়াম , ফছফৰাছ , মেগনেছিয়াম , আইৰণ আদি যথেষ্ট পৰিমানে শাকত পোৱা যায়। যাৰ ফলত আমাৰ দাঁত হাড় আদি মজবুত হৈ থাকে। তেজত হিম’গ্ল’বিন নিয়ন্ত্ৰণত থাকে আৰু ৰক্তহীনতাৰ পৰা সকাহ পাওঁ।
সাতশাকীত ব্যবহৃত শাকবোৰ অৰ্থাৎ ব্ৰাহ্মী শাক খালে স্মৃতি শক্তি , দৃষ্টি শক্তি বাঢ়ে আৰু উচ্চ ৰক্তচাপ হৃাস পায়। পানী লগা জ্বৰত ব্ৰাহ্মী শাক খালে সোনকালে ভাল হয়।পাতেগজা শাকে বাতবিষ আৰু কফ নোহোৱা কৰে। ডায়েৰিয়াৰ কাৰণে ভেদাইলতা উপকাৰী। পেটৰ কামোৰণিৰ বাবে পদিনা আৰু নৰসিংহ অতি উত্তম।তেনেকৈ মানিমুনিৰ আঞ্জা খালে উচ্চ ৰক্তচাপ নহয় আৰু শৰীৰ শক্তিশালী হয়। সাতশাকীত ব্যৱহাৰ হোৱা শাকবোৰত স্মৃতিশক্তি বৰ্ধক , শৰীৰৰ বিভিন্ন ৰোগনাশক উপাদানেৰে সমৃদ্ধ আৰু যথেষ্ট গুণসম্পন্ন ।
গতিকে এনে গুণসম্পন্ন মহৌষধি শাক সমূহে আমাক গোটেই বছৰটো সুস্থ -সবল হৈ থকাত সহায় কৰে। সাতশাকী অসমীয়া সমাজৰ এক বিজ্ঞানসন্মত প্ৰথা। সাতশাকী প্ৰথা প্ৰায়বোৰ জনগোষ্ঠীৰ ভিতৰতে দেখিবলৈ পোৱা যায়। ব’হাগী বিহুৰ সাতশাকী পৰম্পৰা মানি চলিলে অন্তত এদিনৰ বাবে হ’লেও আমি বিভিন্ন শাকৰ জুতি লোৱাৰ লগতে শাকৰ ঔষধি গুণসমূহে আমাক যথেষ্ট উপকাৰ কৰিব।
নতুন বছৰৰ প্ৰথম দিনাই গোঁসাইঘৰত ধূপ-ধুনা , চাকি -বন্তি জ্বলাই নতুন গামোচা, তামোল-পাণ , ফল-মূলেৰে শৰাই আগবঢ়াই পৰিয়ালৰ সকলোৱে ঈশ্বৰক প্ৰণিপাত জনাই নতুন বছৰৰ আৰম্ভণি কৰে আৰু সমাজৰ সকলো লোকৰে সুখ-শান্তি কামনা কৰে।