টেঙেচি শাক জেকা মাটিত বগাই যোৱা এবিধ বন জাতীয় উদ্ভিদ। পাতৰ ঠাৰি দীঘল। ফুল হালধীয়া বৰণৰ আৰু দীঘলে গোলাকাৰ।ইংৰাজী নাম- Indian Sorrel.
পাত , ঠাৰি , গা-গছ খাবলৈ টেঙা।টেঙেচি শাক বিভিন্ন ধৰনেৰে খাব পাৰি। চাটনি , আঞ্জা আৰু মাছেৰে ৰান্ধি খালেও বৰ সোৱাদ যুক্ত হয়। জুতি লগা টেঙেচি শাকৰো আছে বহুত ওষধি গুণ—
১) টেঙেচি শাক খালে কফ ভাল হয়।
২) টেঙেচি শাক গ্ৰহণী , পেট চলা , পেটৰ বিষ , অম্ল-পিত্ত , মূৰৰ বিষ আদিৰ বাবে উপকাৰী।
৩) কঁকালৰ বিষ , প্ৰসাৱ কষ্ট , প্ৰসাৱ কমকৈ হোৱা , ছালৰ খজুৱতি , অৰুচি আদিৰ বাবে টেঙেচি শাক খোৱা ভাল।
৪) ছালৰ সৌন্দৰ্য বৰ্ধনত টেঙেচিয়ে সহায় কৰে।
৫) টেঙেচি টেঙা কুষ্ঠ ৰোগ , পুৰণি জ্বৰ , উচ্চ ৰক্তচাপ , বহুমূত্ৰ আদি ৰোগৰ বাবে উপকাৰী।
৬) টেঙেচি টেঙাই স্মৃতি শক্তি বৃদ্ধি কৰে।
৭) টেঙেচি টেঙাই নিদ্ৰাহীনতা , শ্বাস কষ্ট , প্ৰসাৱৰ ৰোগ দূৰ কৰে।
৮) টেঙেচি টেঙা খালে মদৰ নিচা নাইকিয়া হয়।
৯) বিষাক্ত কীটৰ দংশনত টেঙেচিৰ ৰস লগালে বিষ উপশম হয়।
১০) টেঙেচি টেঙা খালে দুশ্চিন্তা দূৰ হয়