ৰান্ধনি ঘৰ বাস্তু শাস্ত্ৰ মতে আগ্নেয় কোণত হ’ব লাগে। নৈৠত কোণত ৰান্ধনী ঘৰ নিৰ্মান কৰিলে ঘৰৰ মুৰব্বীৰ জীৱনত অনেক প্ৰকাৰৰ সংঘৰ্ষৰ সন্মুখীন হ’ব লগা হয়। ঘৰত বেমাৰ তথা অগ্নিৰ ভয় থাকে। ৰান্ধনী ঘৰ উত্তৰ ফালে নিৰ্মান কৰা উচিত নহয়। উত্তৰ ফালে ৰান্ধনী ঘৰ থাকিলে দুখ তথা অৰ্থনাশ হয়। সেয়েহে ৰান্ধনী ঘৰ আগ্নেয় কোণত হোৱাটো বাঞ্চনীয়। জানো আহক ৰান্ধনী ঘৰৰ বিষয়ে-
১) গেছ অথবা ষ্টোভৰ ব্যৱস্থা ৰান্ধনি ঘৰৰ আগ্নেয় কোণত অৱস্থিত কৰিব লাগে।
২) ৰান্ধনি ঘৰৰ বেচিন ঈশান কোণত হোৱা উচিত। পানীৰ ব্যৱস্থা উত্তৰী ঈশানত হ’ব লাগে।
৩) দক্ষিণ আৰু পশ্চিম ভাগত মচলা আদি থোৱাৰ ব্যৱস্থা হ’ব লাগে।
৪) ৰান্ধনি ঘৰৰ দুৱাৰ কোনো কোণত হ’ব নালাগে। পূৱ , পশ্চিম অথবা উত্তৰৰ ফালে দুৱাৰ হ’লে শুভ তথা লাভদায়ক হয়।
৫) ৰান্ধনি ঘৰত ডাইনিং টেবুল ৰাখিলে পশ্চিম বায়ব্য অথবা উত্তৰী বায়ব্য কোণত ৰাখিব লাগে।
৬) ৰান্ধনী ঘৰৰ কম ওজনৰ বস্তু সমূহ উত্তৰ অথবা পূৱ দিশত ৰাখিব লাগে।
৭) ৰান্ধনী ঘৰৰ সকলো কাম পূৱ ফালে মুখ কৰি কৰা উচিত।
আপোনাৰ সপোনৰ ঘৰখন সজোৱাৰ আগতে এই নিয়মবোৰ মানি চলিলে হয়তো আপোনাৰ সপোনবোৰেও দিঠকত ৰূপ ল’ব পাৰিব। আপোনাৰ ঘৰখন যদি ইতিমধ্যে বনোৱা হৈ গৈছে কিন্তু বাস্তু সন্মত হোৱা নাই আৰু যদি আপুনি বাস্তুশাস্ত্ৰ মতে চলিব বিচাৰে তেন্তে নিৰাশ নহ’ব । বাস্তুশাস্ত্ৰৰ প্ৰতিকাৰৰ নিয়মবোৰ জানি ল’বলৈ চেষ্টা কৰিব।