পুনৰ তিনিটাকৈ বিস্ফোৰণে আজি কপাইঁ তোলে কাবুল ৷ পশ্চিম কাবুলৰ এখন বিদ্যালয়ত সংঘটিত এই বিস্ফোৰণত কেইবাজনো লোক নিহত হয়। তদুপৰি বিস্ফোৰণৰ ফলত আহত হৈছে কেইবাজনো লোক ৷ চিয়া সম্প্ৰদায়ৰ লোকসকলক লক্ষ্য কৰি চুন্নী সন্ত্ৰাসবাদী গোটে এই আক্ৰমণ চলোৱা বুলি আশংকা কৰা হৈছে ৷ এখন চিকিৎসালয়ৰ নাৰ্চিং বিভাগৰ মুৰব্বীয়ে কয় যে বিস্ফোৰণত কমেও চাৰিজন লোক নিহত আৰু ১৪ জন লোক আহত হৈছে।আক্ৰমণৰ বাবে কোনো সংগঠনে দায়িত্ব স্বীকাৰ কৰা নাই ৷ যোৱা বছৰ বিদেশী বাহিনী দেশখনৰ পৰা প্ৰত্যাহাৰ কৰা হৈছিল ৷
আগষ্টত দেশখনৰ ক্ষমতা দখল কৰা তালিবানে আশা প্ৰকাশ কৰিছিল যে দেশখনত শান্তি প্ৰতিষ্ঠা হ’ব ৷ কিন্তু আন্তঃৰাষ্ট্ৰীয় বিষয়া আৰু বিশ্লেষকসকলে দেশখনত সন্ত্ৰাসবাদৰ পুনৰুত্থানৰ আশংকা কৰিছিল ৷ ইতিমধ্যে ইছলামিক ষ্টেট উগ্ৰপন্থী গোটে কেইবাটাও আক্ৰমণ সংঘটিত কৰিছিল ৷