উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে পৰিবহণ বিভাগে লৈ আনিছে এক বিশেষ আঁচনি। এই আঁচনি অনুসৰি ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে দৈনিক ২৫ জনকৈ শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব চালকৰ অনুজ্ঞাপত্ৰ।
গুৱাহাটী জিলা পৰিবহণ বিষয়া গৌতম দাসে জনাইছে যে ১৮ বছৰ সম্পূৰ্ণ হোৱা উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলক পথ সুৰক্ষাৰ প্ৰাৰম্ভিক জ্ঞান প্ৰদান কৰি থিতাতে অনুজ্ঞা-পত্ৰ প্ৰদান কৰা হ’ব।
যিহেতু অনুজ্ঞা-পত্ৰ লাভ কৰিবলৈ ১৮ বছৰ হোৱা জৰুৰী আৰু সাধাৰণতে এজন শিক্ষাৰ্থীৰ বয়স উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হঁওতেও ১৮ বছৰ হয়। অসমৰ বাহিৰত পঢ়িবলৈ যোৱা ল’ৰা-ছোৱালীবোৰৰ বাবে অনুজ্ঞা-পত্ৰ বিশেষভাৱে জৰুৰী। তেওঁলোক ইয়াৰ দ্বাৰা লাভৱান হ’ব বুলি দাসে উল্লেখ কৰে।
অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব খোজা ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমে অনলাইন যোগে প-পত্ৰ পূৰণ কৰিব লাগিব। লগতে সঠিকভাৱে বয়সৰ প্ৰমাণ পত্ৰ, ঠিকনা, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ অথবা মাৰ্কশ্বীট দাখিল কৰিব লাগিব।
শিক্ষাৰ্থীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দৈনিক ২৫ জনক গুৱাহাটীৰ বেটকুছিস্থিত হোণ্ডা চালক কেন্দ্ৰত পথ সুৰক্ষাৰ প্ৰশিক্ষণ দিয়া হ’ব। এই প্ৰশিক্ষণৰ অন্তত যদিহে তেওঁলোক গাড়ী চালনাৰ পৰীক্ষাত উত্তীৰ্ণ হয়, তেতিয়া সেই ঠাইতে তেওঁলোকক অনুজ্ঞা পত্ৰ প্ৰদান কৰা হ’ব।
অনুজ্ঞা-পত্ৰ প্ৰদান কৰাৰ ফলত বহুতো শিক্ষাৰ্থী আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত সহায় হ’ব বুলিও একাংশই মত প্ৰকাশ কৰিছে।
তথ্য অনুসৰি আজিও ২৫ জনকৈ শিক্ষাৰ্থীক প্ৰশিক্ষণৰ অন্তত অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’ব।
ইচ্ছুকসকলে ‘PARIVAHAN SEWA PORTAL‘ যোগে আবেদন কৰিব পাৰিব। sarathi.parivahan.gov.in/sarathi serviceত অনলাইনযোগে এই আবেদন কৰিব পৰা যাব ।