আজি ৰায়বাহাদুৰ জগন্নাথ বৰুৱাৰ স্মৃতি দিৱস । অসমৰ চাহ উদ্যোগৰ গুৰি ধৰোঁতাসকলৰ ভিতৰত অন্যতম জগন্নাথ বৰুৱা আছিল উজনি অসমৰ প্ৰথমগৰাকী স্নাতক আৰু স্নাতক উপাধিধাৰী প্ৰথমগৰাকী চাহ খেতিয়ক । ১৯৩০ চনত যোৰহাটত স্থাপন কৰা উত্তৰ পূব ভাৰতৰ দ্বিতীয়খন মহাবিদ্যালয়ৰ নামকৰণ তেওঁৰ নামেৰে কৰি জগন্নাথ বৰুৱা মহাবিদ্যালয় ৰখা হৈছিল । ইংৰাজে তেওঁক ৰায়বাহাদুৰ খিতাপ প্ৰদান কৰিছিল । ১৯০৭ চনৰ আজিৰ দিনটোতে কলিকতাত তেওঁৰ দেহাৱসান ঘটিছিল । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি কবি ৰত্নকান্ত বৰকাকতীৰ স্মৃতি দিৱস । তেওঁ আছিল অসমীয়া নৱন্যাস যুগৰ এগৰাকী প্ৰসিদ্ধ কবি । তেওঁ ‘শেৱালি কবি’ হিচাপে খ্যাত । নলবাৰী হাই স্কুলৰ শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলা বৰকাকতীয়ে পিছলৈ ধিং মৌজাৰ মৌজাদাৰ হৈছিল । ঊষা আলোচনীৰ জৰিয়তে সাহিত্যিক জীৱন আৰম্ভ কৰা বৰকাকতীয়ে বাঁহী আলোচনীতো লিখিছিল । শেৱালি, তৰ্পণ, চন্দ্ৰহাৰ আদি তেওঁৰ কবিতাপুথি । ১৯৬৩ চনত নাজিৰাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৬৩ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান হয় । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি কবি মহম্মদ ইকবালৰ স্মৃতি দিৱস । তেওঁক প্ৰাচ্যৰ কবি বুলি কোৱা হয় । আল্লামা ইকবাল হিচাপে পৰিচিত কবিগৰাকীৰ ফাৰ্চী তথা উৰ্দূ কবিতাসমূহক আধুনিক যুগৰ ফাৰ্চী তথা উৰ্দূ সাহিত্যৰ শ্ৰেষ্ঠ কবিতা হিচাপে বিবেচনা কৰা হয় । ভাৰতীয়, পাকিস্তানী, বাংলাদেশী, ইৰাণী তথা অন্যান্য আন্তঃৰাষ্ট্ৰীয় সাহিত্যৰ বিশিষ্ট কবি হিচাপে তেওঁ পৰিচিত । ছাৰা জাহান চে অচ্চা হিন্দুস্তান হমাৰা গীতটোৰ ৰচক আছিল তেওঁ । ১৯৩৮ চনৰ আজিৰ দিনটোতে বৰ্তমানৰ পাকিস্তানৰ লাহোৰত তেওঁৰ মৃত্যু হয় । এইগৰাকী কবিলৈ আমাৰ প্ৰণাম ।