‘জনাথন’এ গৰকিব ১০৯ বছৰ ৷ অৱশ্যে আপুনি ভুল নুবুজিব ৷ জনাথন আচলতে মানুহ নহয় এটা বিৰাটাকায় কাছহে ৷ অবিশ্বাস্য যেন লাগিলেও ই একেবাৰে সঁচা যে ১৮৩২ চনত জন্ম হোৱা জনাথন নামৰ এই কাছটোৱে ২০২২চনত পূৰ্ণ কৰিব ১৯০ বছৰ ৷ ইয়াৰ পিছতেই জনাথন স্থলচৰ প্ৰাণী সমূহৰ ভিতৰত পৃথিৱীৰ ভিতৰতেই সকলোতকৈ বয়োজ্যেষ্ঠ প্ৰাণী হিচাপে পৰিগণিত হ’ব ৷১৯০ বছৰ জীয়াই থাকি ইতিহাস ৰচনা কৰিবলৈ ওলোৱা বিশালাকাৰ এই ‘জনাথন’ নামৰ কাছটো বৰ্তমান সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷