আমি সকলোৱে কণী খাই ভাল পাওঁ। বিশেষকৈ লৰা-ছোৱালীৰ মাজত কণী অতি প্ৰিয়। স্বাস্থ্যকৰ , প্ৰটিনেৰে ভৰা আৰু খুওব কম সময়তে ৰান্ধি খাব পৰা খাদ্য বিধেই হৈছে কণী। কণী অকল খাবলৈয়ে ভাল এনে নহয় , কণীৰ বাকলিবোৰো আমি দৈনন্দিন অনেক কামত ব্যৱহাৰ কৰিব পাৰোঁ , জানো আহক-
১) ঘৰৰ চাৰিওফালে থকা ফুল বা ফলৰ বাগানবোৰত আনকি বেলকনিত থকা ফুলৰ টাবত কণীৰ বাকলি গুড়ি কৰি ছটিয়াই দিলে পোক-পৰুৱাৰ পৰা গছজোপা ৰক্ষা পৰে। তাৰোপৰি কণীৰ বাকলিত প্ৰচুৰ পৰিমাণে কেলচিয়াম আৰু মিনাৰেল থকা বাবে মাটিৰ উৰ্বৰতা বৃদ্ধি পায়।
২) গাঁঠিৰ বিষ বা হাড়ৰ বিষ কমোৱাৰ ক্ষেত্ৰত কণীৰ বাকলি অতি উপকাৰী। এটা বাতিত ভিনেগাৰৰ সৈতে কণীৰ বাকলি মিশ্ৰণ কৰি ২ দিন ৰাখি থোৱাৰ পিছত বিষ হোৱা ঠাইত মালিচ কৰিলে যথেষ্ট আৰাম পোৱা যায়।
৩) কণীৰ বগা অংশ কণীৰ বাকলিৰ লগত গুড়া কৰি মুখত লগালে মুখৰ উজ্বলতা বৃদ্ধি হোৱাৰ লগতে শালমনৰ পৰা পৰিত্ৰান পাব পাৰি।
৪) পাকঘৰৰ বেচিন লেতেৰা হ’লে কণীৰ বাকলি দি পৰিষ্কাৰ কৰিব পৰা যায়। আনহাতে বাচন-বৰ্তনত পুৰি যোৱা দাগ হ’লে কণীৰ বাকলিৰে নাইকীয়া কৰিব পাৰি।
মুঠতে কেলচিয়াম পাবৰ বাবে নিজেও কণী খাওঁক আৰু লৰা-ছোৱালীক কণী খাবলৈ দিয়ক। কণীৰ বাকলিবোৰ পেলাই নিদি ফুল কেইজোপাৰ যত্ন লওঁক আৰু বিভিন্ন কামত ব্যৱহাৰ কৰক।