আজি বিশ্ববিশ্ৰুত কবি তথা নাট্যকাৰ উইলিয়াম শ্বেইক্সপিয়েৰৰ ওপজা দিন । ১৫৬৪ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ষ্টাৰ্টফোৰ্ড-আপন-এভনত তেওঁৰ জন্ম । তেওঁক ইংৰাজী ভাষাৰ সৰ্বশ্ৰেষ্ঠ নাট্যকাৰ বুলি কোৱা হয় । তেওঁ ৩৮খন নাটক, ১৫৪টা ছনেট, দুটা আখ্যানমূলক কবিতা লিখিছিল । নাট্যকাৰ হিচাপে তেওঁৰ খ্যাতি সৰ্বাধিক । তেওঁ লিখা হেমলেট, কিং লিয়াৰ, অ’থেলো, মেকবেথ আদি বিয়োগান্তক নাটক আজিও অত্যন্ত জনপ্ৰিয় । এইগৰাকী বিশিষ্ট সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি বিখ্যাত ইংৰাজ কবি উইলিয়াম ৱৰ্ডছৱৰ্থৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী ৰোমাণ্টিক কবি । তেওঁৰ হাততেই ইংৰাজী ৰোমাণ্টিক ধাৰাৰ কবিতাই ঠন ধৰি উঠে । তেওঁ ছেমুৱেল টেইলৰ কোলৰিজৰ সৈতে যুটীয়াভাৱে লিৰিকেল বেলাডছ লিখি ইংৰাজী সাহিত্যত ৰোমাণ্টিক যুগৰ পাতনি মেলে । ১৮৫০ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৱেষ্টমৰলেণ্ডৰ ৰাইডালত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী কবিলৈ আমাৰ প্ৰণাম ।
আজি বিংশ শতিকাৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায়ৰ স্মৃতি দিৱস । তেওঁ আছিল একাধাৰে চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ । তেওঁ পূৰ্ণ দৈৰ্ঘ্যৰ কাহিনীচিত্ৰ, তথ্যচিত্ৰ আৰু চুটি ছবিকে ধৰি মুঠ ৩৭খন ছবি পৰিচালনা কৰিছিল । তেওঁৰ প্ৰথম চলচ্চিত্ৰখন আছিল ‘পথেৰ পাঁচালী’ । তেওঁ জীৱনকালত ৩২টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু ১৯৯১ চনত একাডেমী সন্মানসূচক বঁটা (অস্কাৰ) লাভ কৰে । ১৯৯২ চনৰ আজিৰ দিনটোতে কলকাতাত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী বৰেণ্য ব্যক্তিলৈ আমাৰ প্ৰণাম ।