উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ জিলাত আজি সংঘটিত হয় এক ভয়াৱহ ঘটনা ৷ এটি দুবছৰীয়া শিশুসহ একেটা পৰিয়ালৰ পাঁচজনকৈ সদস্যক হত্যা কৰিলে দুর্বৃত্তই ৷ খাৱাজপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা ৷ দুর্বৃত্তৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোক কেইজন হৈছে ৰাম কুমাৰ যাদৱ (৫৫), তেওঁৰ পত্নী কুসুম দেৱী (৫২), কন্যা মনীষা (২৫), বোৱাৰী সবিতা (২৭) আৰু নাতিনী মিনাক্ষী (২)। আন এগৰাকী সদস্য সাক্ষী (৫) ৰ কোনোমতে প্ৰাণ ৰক্ষা পৰিছে বুলি আৰক্ষীয়ে জনায়। এই ঘটনাৰ সময়ত ঘৰৰ পৰা দুৰত থকা যাদৱৰ পুত্ৰ সুনীলে (৩০) তদন্তত সহযোগিতা কৰি আছে ৷
জ্যেষ্ঠ আৰক্ষী বিষয়া অজয় কুমাৰে প্ৰকাশ কৰা অনুসৰি মৃত আটাইকেউজনৰ শৰীৰত আঘাতৰ চিন স্পষ্ট ৷ পাঁচোজনৰ মূৰত আঘাত কৰা হৈছিল বুলি তেওঁ সদৰী কৰে ৷ । মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ তদন্ত কৰিবলৈ সাতটা দল গঠন কৰা হৈছে ৷ ফৰেনচিক বিশেষজ্ঞসকলেও ঘটনাস্থলীত উপস্থিত হৈছে ৷ উল্লেখ্য যে পৰিয়ালৰ সদস্যসকলক হত্যা কৰাৰ পাছতে তেওঁলোক থকা ঘৰটোত অগ্নিসংযোগ কৰে দুর্বৃত্তই ৷
উল্লেখ্য যে জিলাখনত এসপ্তাহ পূর্বে একে ধৰণৰ আন এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। যোৱা ১৬ এপ্ৰিলত খাগলপুৰ গাঁৱত এগৰাকী ৩৮ বছৰীয়া মহিলা প্ৰীতি তিৱাৰী আৰু তেওঁৰ তিনিজনী কন্যা, মাহী (১২), পিহু (৮) আৰু কুহু (৩)ক ডিঙি কটা অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ মহিলাগৰাকীৰ স্বামী ৰাহুলক মৃত অৱস্থাত ওলমি থকা অৱস্থাত পোৱা গৈছিল।