নিটি আয়োগৰ উপাধ্যক্ষ পদৰ পৰা আকস্মিকভাৱে পদত্যাগ কৰিছে ৰাজীৱ কুমাৰে ৷ ইয়াৰ লগে লগে শুকুৰবাৰে সুমন কে বেৰীক নিটি আয়োগৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়ে কেন্দ্ৰীয় চৰকাৰে ৷ । বেৰীয়ে অহা ১ মে’ৰ পৰা দায়িত্ব গ্ৰহণ কৰিব ৷ ৰাজীৱ কুমাৰৰ কাৰ্যকাল অহা ৩০ এপ্ৰিলত শেষ হ’ব।বিশিষ্ট অৰ্থনীতিবিদ কুমাৰে ২০১৭ চনৰ আগষ্টত নিটি আয়োগৰ উপাধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল ৷ইতিমধ্যে কুমাৰৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে চৰকাৰে ৷ অহা ৩০ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁক কর্তব্যৰ পৰা অব্যাহতি দিয়া হ’ব বুলিও চৰকাৰে প্ৰকাশ কৰিছে ৷
উল্লেখ্য যে কৃষি, সম্পদ মুদ্ৰাকৰণ, বিনিয়োগ, আৰু বৈদ্যুতিক বাহনৰ ওপৰত গুৰুত্ব দি নিটি আয়োগৰ নীতি নিৰ্ধাৰণত কুমাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কুমাৰে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত ডি ফিল আৰু লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰিছে। তেওঁ চেণ্টাৰ ফৰ পলিচী ৰিচাৰ্ছ (চিপিআৰ)ৰ এজন জ্যেষ্ঠ সহকৰ্মীও আছিল।
বেৰীয়ে ইয়াৰ পূৰ্বে নতুন দিল্লীৰ নেচনেল কাউন্সিল অৱ এপ্লাইড ইকনমিক ৰিচাৰ্ছ (এনচিএইআৰ)ৰ মহানিৰ্দেশক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।তেওঁ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদ, পৰিসাংখ্যিক আয়োগ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতিৰ কাৰিকৰী পৰামৰ্শদাতা সমিতিৰো সদস্য আছিল।