আজি ‘ভাষাৰ ওজা’ হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস । ‘হেমকোষ’ অভিধান প্ৰণয়ন কৰি তেওঁ অসমীয়া ভাষাৰ ভেটি সুদৃঢ় কৰি থৈ গৈছে । অৱশ্যে এই অভিধানখন তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনতহে প্ৰকাশ পায় । তেওঁ কেইবাখনো গ্ৰন্থ লিখি অসমীয়া ভাষাক সমৃদ্ধ কৰি থৈ গৈছে । তাৰ ভিতৰত অসমীয়া ব্যাকৰণ, তুলনামূলক ব্যাকৰণ, কানীয়াৰ কীৰ্তন, বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী আদি উল্লেখযোগ্য । তেওঁ কিছুদিন ‘আছাম নিউজ’ কাকতৰ সম্পাদক আছিল । তেওঁ ‘অৰুণোদয়’ সবাদপত্ৰৰ লগতো জড়িত আছিল । তেওঁ অসমত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে এক বিপ্লৱৰ সূচনা কৰিছিল । সেইবাবে তেওঁৰ ওপজা দিনটোক (১০ ডিচেম্বৰ) ইলোৰা বিজ্ঞান মঞ্চই ‘অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস’ হিচাপে পালন কৰে । ১৮৯৬ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী মহান ব্যক্তিলৈ আমাৰ প্ৰণাম ।