ক’ভিডৰ পাছত এইবাৰ চীনত আৰম্ভ হৈছে বার্ড ফ্লুৰ প্ৰাদুর্ভাৱ ৷ চৰাইৰ পৰা মানুহৰ শৰীৰলৈ সংক্ৰমিত হৈছে বার্ড ফ্লু ৷ ইতিমধ্যে চীনে নিশ্চিত কৰিছে এই তথ্য ৷ চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে মঙলবাৰে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় হিনান প্ৰদেশত বাস কৰা এজন চাৰি বছৰীয়া লৰা এই মাহৰ আৰম্ভণিতে জ্বৰ আৰু অন্যান্য লক্ষণৰ সৈতে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত তেওঁৰ শৰীৰত এইচ ৩এন ৮ ভাইৰাছৰ সংক্ৰমণ ধৰাত পৰে ৷ অৱশ্যে স্বাস্থ্য কৰ্তৃপক্ষই মানুহৰ মাজত এই ভাইৰাছৰ ব্যাপক সংক্ৰমণ হোৱাৰ আশংকা কম বুলি প্ৰকাশ কৰিছে ।
২০০২ চনত উত্তৰ আমেৰিকাত প্ৰথমবাৰৰ বাবে চিনাক্ত হৈছিল এইচ৩এন৮ নামৰ ভাইৰাছ ৷ ঘোঁৰা, কুকুৰ আৰু ছীলৰ পৰা সংক্ৰমিত হয় এই ভাইৰাছ ৷ পূর্বে মানুহৰ শৰীৰত চিনাক্ত কৰা হোৱা নাছিল ভাইৰাছবিধ ৷ আক্ৰান্ত শিশুটিৰ পৰিয়ালে ঘৰত কুকুৰা পালন কৰিছিল ৷ তদুপৰি তেওঁলোকে বাস কৰা অঞ্চলটোত আছে যথেষ্ট পৰিমানে বনৰীয়া হাঁহ ৷