আন এক গৌৰৱেৰে গৌৰাৱান্বিত হ’ল অসম আৰক্ষী ৷ সন্মানীয় প্ৰেছিডেণ্টছ কালার্ছ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ৷ এই সন্মান লাভ কৰা অসম আৰক্ষী হৈছে দেশৰ দশম ৰাজ্যিক আৰক্ষী বাহিনী ৷ ছ’ছিয়েল মিডিয়াৰ জৰিয়তে অসম আৰক্ষীৰ এই সুখ্যাতিৰ বিষয়ে সদৰী কৰিছে সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷তেওঁ কয় অসম আৰক্ষীৰ প্ৰদৰ্শন, পেছাদাৰীতা, সততা আৰু মানৱতাৰ প্ৰতি আগবঢ়োৱা সেৱাৰ স্বীকৃতি হৈছে এই সন্মান ৷ এই গুৰুত্বপূৰ্ণ সন্মান লাভ কৰাৰ আনন্দ উদযাপন কৰিবলৈ আজিৰ পৰা দুসপ্তাহজোৰা ৰাজ্যব্যাপী বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হ’ব বুলিও তেওঁ সদৰী কৰিছে ৷
উল্লেখ্য যে প্ৰেছিডেণ্টছ কালার্ছ সন্মান হৈছে ভাৰতৰ যিকোনো সামৰিক গোটক প্ৰদান কৰা সৰ্বোচ্চ বটাঁ ৷ ইয়াক ‘নিছান’ বুলিও কোৱা হয় ৷ যিটো হৈছে এক প্ৰতীক যাক সকলো গোটৰ বিষয়াই তেওঁলোকৰ ইউনিফৰ্মৰ বাওঁহাতত পিন্ধে ৷ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডাৰ (ভাৰতৰ ৰাষ্ট্ৰপতি)-এ এই বঁটা প্ৰদান কৰে ৷