বিহাৰৰ এজন আৰক্ষী বিষয়াৰ কার্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ পুত্ৰক মুকলি কৰি নিবলৈ আৰক্ষী থানালৈ অহা এগৰাকী মহিলাক আৰক্ষী বিষয়াজনে মালিচ কৰিবলৈ দিয়া ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে ৷ ঘটনাটো ৰাজ্যখনৰ চাহাৰচা জিলাত সংঘটিত হৈছে ৷ নৌহাট্টা আৰক্ষী থানাৰ দৰহাৰ আউটপ’ষ্টৰ এজন জ্যেষ্ঠ বিষয়া শশীভূষণ সিনহাক ক্লিপটোত মালিচ গ্ৰহণ কৰাৰ সময়ত ফোনত কথা পাতি থকা দেখা গৈছিল। এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে আৰক্ষী বিষয়াজনক নিলম্বন কৰা হৈছে ৷
ভিডিঅ’টো আৰক্ষী থানাৰ আৱাসিক কোৱাৰ্টাৰ ভিতৰত লোৱা হৈছিল ৷ জানিব পৰা মতে মহিলাগৰাকীয়ে তেওঁৰ পুত্ৰক কাৰাগাৰৰ পৰা মুকলি কৰি নিবলৈ আৰক্ষী থানালৈ আহিছিল। শশীভূষণ সিনহাই তেতিয়া মহিলাগৰাকীক মালিচ কৰিবলৈ কৈছিল। যাৰ বিনিময়ত মহিলা গৰাকীৰ পুত্ৰক শীঘ্ৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ আশ্বাস প্ৰদান কৰিছিল ৷