গ্ৰেচ মার্কসহ টেট উত্তীর্ণ প্ৰার্থীসকলৰ নিযক্তিক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ ৷ কিয়নো গ্ৰেচ মার্ক লাভ কৰাসকলক নিযুক্তি দিয়া বিষয়টোক লৈ উচ্চ ন্যায়ালয়ত ৰুজু হৈছে গোচৰ ৷ ইয়াৰ পাছতে মাধ্যমিক শিক্ষা বিভাগৰ বিশেষ আয়ুক্তই টেটত গ্ৰেচ মার্ক লাভ কৰা প্ৰার্থীসকলৰ নিযুক্তি সাময়িকভাৱে বন্ধ ৰাখিবলৈ নির্দেশ দিছে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা ডব্লিউ এ ৮৬/২০২১ নম্বৰৰ আবেদনৰ শুনানি গ্ৰহণ কৰি গ্ৰেচ মার্কসহ উত্তীর্ণ হোৱা প্ৰার্থীসকলৰ নিযুক্তি প্ৰদান নকৰিবলৈ নির্দেশ দিছিল ৷ আবেদনখন নিষ্পত্তি নোহোৱা পর্যন্ত এই নিযুক্তি বন্ধ ৰাখিবলৈ ন্যায়ালয়ে নির্দেশ দিছিল ৷ ইয়াৰ পাছতে শেহতীয়াকৈ মাধ্যমিক শিক্ষা বিভাগে গ্ৰেচ মার্ক লাভ কৰা প্ৰার্থীৰ নিযুক্তি সাময়িকভাৱে স্থগিত ৰাখিবলৈ নির্দেশ দিছে ৷