শণিবাৰে বিয়লি সোণাৰি নগৰৰ ভৱানীপুৰত টাওকাক নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল দুই কিশোৰ ৷ কিশোৰ দুগৰাকীৰ নাম সঞ্জয় সৰকাৰ আৰু ৰজত দাস বুলি জানিব পৰা গৈছে ৷ ছয় সমনীয়াৰ সৈতে নদীত গা ধুবলৈ গৈ শণিবাৰৰ পৰা সন্ধানহীন হৈ থকা কিশোৰ দুটিৰ আজি টাওকাক নদীত এজনৰ মৃতদেহ উদ্ধাৰ হয় ৷ ঘটনাস্থলীৰ পৰা প্ৰায় সাত কিল’মিটাৰ নিলগত সোণাৰীৰ সমীপৱৰ্তী গুজিবিল অঞ্চলত উদ্ধাৰ হয় সঞ্জয় সৰকাৰ নামৰ কিশোৰটিৰ মৃতদেহ ৷
আজি গুজিবিল অঞ্চলত টাওকাক নদীত মৃতদেহটো প্ৰতক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো সঞ্জয় সৰকাৰ নামৰ কিশোৰটিৰ বুলি চিনাক্ত কৰে আৰু লগে লগে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ আনহাতে সন্ধানহীন আন এটি কিশোৰ ৰজত দাসৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষী তথা এছ ডি আৰ এফ বাহিনীয়ে ৷
সোণাৰিৰ ভৱানীপুৰ নিবাসী দিলিপ সৰকাৰৰ কণিষ্ঠ পুত্ৰ তথা সোণাৰি হাজী আচিমুদ্দিন মেম’ৰিয়েল মিছনৰ ছাত্ৰ সঞ্জয় সৰকাৰৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত পৰিছে গভীৰ শোকৰ ছাঁ ৷