দেশৰ কৃষক শ্ৰমিকসকলে বছৰি লাভ কৰিব ৩৫,০০০টকাৰ পেন্সন ৷ পিছপৰা লোকসকলৰ বাবে মোদী চৰকাৰৰ এই বিশেষ আঁচনি ৷ পি এম কিষাণ মানধন আঁচনিৰ অধীনত কৃষক সকলে লাভ কৰিব এই পেন্সন ৷ এই আঁচনিৰ যোগেদি ৬০বছৰ বয়সৰ পিছত কৃষকসকলে লাভ কৰিব বছৰি ৩৫,০০০টকা ৷৬০ৰ উৰ্ধৰ কৃষকৰ একাউণ্টত প্ৰতিমাহে জমা হ’ব ৩০০০টকা ৷ আনহাতে কৃষকজনৰ মৃত্যু হ’লে তেওঁৰ পৰিয়ালে লাভ কৰিব পেন্সনৰ ৫০% ধন ৷ ১৮বছৰৰ পৰা ৪০বছৰ বয়সৰ কৃষকসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰে ৷
এই আঁচনিৰ পৰা ধন পাবলৈ প্ৰতি মাহে ৫৫ টকাৰ পৰা ২০০টকালৈ জমা কৰিব লাগিব বেংকত ৷ ৬০বছৰ সম্পূৰ্ণ হ’লেই কৃষকসকলে ৩৫,০০০কৈ বছৰি লাভ কৰিব এই আঁচনিৰ ধন ৷