ভাৰতৰ এগৰাকী আগশাৰীৰ সংগীত ৰচয়িতা আৰু সন্তুৰ বাদক পণ্ডিত শিৱকুমাৰ শৰ্মাৰ মুম্বাইত দেহাৱসান ঘটে।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। তেওঁ যোৱা ছয় মাহ ধৰি বৃক্ক সম্পৰ্কীয় সমস্যাত ভুগি আছিল আৰু ডায়েলাইচিছত আছিল। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় বিশিষ্ট শিল্পী গৰাকীৰ।
এসময়ত জম্মু আৰু কাশ্মীৰৰ এইবিধ বাদ্যযন্ত্ৰ ‘সন্তুৰ’ দেশবাসীৰ পৰিচিত নাছিল ৷ এই বাদ্য বিধক এক ধ্ৰুপদী মৰ্যাদা প্ৰদান কৰিছিল পণ্ডিত শিৱকুমাৰ শৰ্মাই আৰু অধিক পৰম্পৰাগত আৰু ভাৰতৰ বিখ্যাত বাদ্যযন্ত্ৰ চিতাৰ আৰু সৰোদৰ দৰেই ভাৰতীয় সংগীতত সন্তুৰৰ স্থানো উন্নীত কৰিছিল তেওঁ।
বাঁহীৰ কিংবদন্তী পণ্ডিত হৰি প্ৰসাদ চৌৰাছিয়াৰ সৈতে চিলচিলা, লামহে আৰু চান্দনীৰ দৰে বিভিন্ন চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰিছিল পণ্ডিত শিৱকুমাৰ শৰ্মাই ।‘শিৱ-হৰি’ নামেৰে ভাৰতৰ সংগীত জগতৰ এক বিখ্যাৎ যুটি আছিল পণ্ডিত শিৱকুমাৰ শৰ্মা আৰু পণ্ডিত হৰিপ্ৰসাদ চৌৰাছিয়াৰ যুটি ৷
তেওঁৰ মৃত্যুত যেন ভাৰতৰ সংগীত জগতৰ আন এজন অভিভাৱক নোহোৱা হ’ল ৷