এটাৰ পাছত আন এটা নির্বাচনত বিফলতা লাভ কৰা দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছে আয়োজন কৰিছে চিন্তন শিবিৰৰ ৷ অহা ১৩ মে’ৰ পৰা ৰাজস্থানৰ উদয়পুৰত চিন্তন বৈঠকখন অনুষ্ঠিত হ’ব ৷ এই বৈঠকত অংশগ্ৰহণৰ বাবে ৰে’লেৰে যাত্ৰা কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ ৰাহুল গান্ধীসহ কংগ্ৰেছৰ প্ৰায় ৪০ জন নেতাই ১৩ মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া চিন্তন শিবিৰৰ বাবে দিল্লীৰ পৰা ৰাজস্থানৰ উদয়পুৰলৈ ৰেলত যাত্ৰা কৰিব বুলি জানিব পৰা গৈছে ৷ সাধাৰণ লোকসকলৰ সৈতে মত বিনিময় কৰাৰ উদ্দেশ্যে এই ৰে’ল যাত্ৰাৰ পৰিকল্পনা কৰা হৈছে। কংগ্ৰেছে সাধাৰণ লোকক জুৰুলা কৰা মুদ্ৰাস্ফীতি, আৰু ইন্ধন আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে চৰকাৰক সমালোচনা কৰি আহিছে ৷
কংগ্ৰেছ নেতাসকলৰ ভ্ৰমণৰ বাবে দুটা ৰে’লৰ ডবা বুক কৰা হৈছে ৷ চিন্তন শিবিৰত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোৰ পুনৰুজ্জীৱিতকৰণৰ বিষয়টোৱে প্ৰাধাণ্য পাব ৷ দেশৰ অৰ্থনৈতিক পৰিস্থিতি আৰু চুবুৰীয়া দেশসমূহৰ সৈতে সম্পৰ্ক আদিৰ দৰে বিষয়েও স্থান লাভ কৰিব চিন্তন বৈঠকত ৷দলটোৱে সন্মুখীন হোৱা সাংগঠনিক, নিৰ্বাচনী আৰু ৰাজনৈতিক প্ৰত্যাহ্বানৰ বিষয়েও অধিৱেশনত আলোচনা কৰা হ’ব ৷