অসুস্থ হৈছে নেকি চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং ? ক’ভিডৰ পাছতে বিশ্বৰ কোনো নেতাকে সাক্ষাৎ নকৰা চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং ‘চেৰিব্ৰেল এনিউৰিম’ নামৰ ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই তথ্য ৷ এই ৰোগত আক্ৰান্ত হোৱাৰ বাবে ২০২১ চনৰ শেষভাগত চিকিৎসালয়ত ভৰ্তি হ’ব লগা হৈছিল তেওঁ ৷
জানিব পৰা মতে তেওঁ অস্ত্ৰোপচাৰৰ সলনি পৰম্পৰাগত চীনা ঔষধৰ দ্বাৰা চিকিৎসা কৰি আহিছে ৷ এই ৰোগত আক্ৰান্ত ব্যক্তিৰ ৰক্তনলীবোৰ কোমল হয় পৰে ৷ ইয়াৰ আগতে, ২০১৯ চনৰ মাৰ্চ মাহত, জি জিনপিঙৰ ইটালী ভ্ৰমণৰ সময়ত তেওঁৰ চালচলন অস্বাভাৱিক হোৱা পৰিলক্ষিত হৈছিল ৷ পৰৱর্তী সময়ত ফ্ৰান্স ভ্ৰমণত তেওঁ আসন গ্ৰহণৰ সময়ত সমৰ্থন লোৱা দেখা গৈছিল।
একেদৰে, ২০২০ চনৰ অক্টোবৰত শ্বেনঝেনত ৰাইজক সম্বোধন কৰাৰ সময়ত, পলমকৈ উপস্থিত হোৱা, অতি মন্থৰ গতিত কথা কোৱা আৰু ভাষণৰ সময়ত কাঁহি থকাৰ বাবে তেওঁৰ স্বাস্থ্যক লৈ বাতৰি প্ৰকাশ পাইছিল ৷ জিয়ে এই বছৰৰ শেষৰ ফালে তৃতীয় পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে পুনৰ নিৰ্বাচিত হ’বলৈ প্ৰস্তুতি চলাইছে ৷