ইংৰাজী নাম :- Cucumber
বৈজ্ঞানিক নাম :- Cucumis Sativus linn
তিয়ঁহ বুলি ক’লে সকলো অসমীয়াই জানে। ই এবিধ বৰ্ষাকালীন পাচলি। কেঁচাই খোৱাৰ উপৰিও তিয়ঁহ ৰান্ধি খাব পাৰি। তিয়ঁহৰ আছে বহুত উপকাৰী গুণ।তিয়ঁহ খালে কি হয় জানো আহকচোন-
১) গ্ৰীষ্ম কালত তিয়ঁহে শৰীৰ শীতল কৰি ৰাখে।
২) তিয়ঁহে পেট পৰিষ্কাৰ কৰে। হজমী শক্তি বঢ়ায়।
৩) তিয়ঁহে ছাল নিমজ কৰে আৰু ছালক প্ৰতিৰোধ কৰিব পাৰে।
৪) তিয়ঁহ সৰু সৰু কৈ কাটি চকুৰ পতাত লগালে চকুৰ উজ্জ্বলতা বাঢ়ে।
৫) নিয়মীয়াকৈ কুমলীয়া তিয়ঁহ বাকলিৰ সৈতে খালে বৃক্কত হোৱা পাথৰ ভাগি প্ৰস্ৰাৱত ওলাই যায়।
৬) তিয়ঁহে তেজ পৰিষ্কাৰ কৰে।
৭) প্লীহা পাকস্থলী , বৃহদন্ত্ৰৰ বাবে তিয়ঁহ উপকাৰী।
৮) তিয়ঁহত থকা কেৰ’টিনয়ডে কৰ্কটৰোগ প্ৰতিৰোধ কৰিব পাৰে।
৯) কীটাণুৱে কামুৰিলে তিয়ঁহ চকল চকলকৈ কাটি কামোৰা ঠাইত প্ৰলেপ দিলে বিষ নাইকিয়া হয়।
১০) মধুমেহ ৰোগীৰ বাবে তিয়ঁহ অতি উপকাৰী পাচলি।