কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰম তেওঁৰ সহযোগী ভাস্কৰমণৰ সৈতে জড়িত প্ৰায় ৭টা স্থানত তালাচী চলাইছে চি বি আইয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি চেন্নাই, মুম্বাই, ওড়িশা, দিল্লীত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমৰ পুত্ৰ তথা কংগ্ৰেছ লোকসভাৰ সাংসদ কাৰ্তি চিদাম্বৰমৰ একাধিক আৱাসিক আৰু চৰকাৰী চৌহদত চি বি আইয়ে তালাচী চলাই আছে।সূত্ৰ অনুসৰি, তদন্তকাৰী সংস্থাটোৱে কাৰ্তি চিদাম্বৰমৰ বিৰুদ্ধে অবৈধ ধন লাভ কৰাৰ অভিযোগত নতুনকৈ গোচৰ ৰুজু কৰিছে। ২০১০-১৪ চনৰ ভিতৰত পঞ্জাৱত ২৫০ জন চীনা নাগৰিকৰ ভিছাৰ সুবিধাৰ বাবে কংগ্ৰেছ সাংসদগৰাকীয়ে ৫০ লাখ ৫০ লাখ টকা উৎকোচ লাভ কৰিছিল।
কাৰ্তি চিদাম্বৰনৰ বিৰুদ্ধে কেইবাটাও গোচৰৰ তদন্ত চলি আছে ৷ ইয়াৰ ভিতৰত তেওঁৰ পিতৃ পি চিদাম্বৰম বিত্তমন্ত্ৰী হৈ থকাৰ সময়ত ৩০৫ কোটিৰ বিদেশী ধন লাভ কৰাৰ বাবে আইএনএক্স মিডিয়াক বিদেশী বিনিয়োগ প্ৰসাৰ ব’ৰ্ডে (এফআইপিবি) অনুমতি প্ৰদান কৰাৰ সৈতে জড়িত গোচৰটোও অন্তৰ্ভুক্ত।
উল্লেখ্য যে, ২০১৭ চনৰ ১৫ মে’ত এই বিষয়ত চিবিআইয়ে এটা দুৰ্নীতিৰ গোচৰ ৰুজু কৰিছিল।তাৰ পিছতে এনফর্চমেণ্ট সঞ্চালকালয়ত দাখিল কৰিছিল ধনৰ অবৈধ সৰবৰাহৰ গোচৰ।২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত চিবিআইয়ে গ্ৰেপ্তাৰ কৰা কাৰ্তি চিদাম্বৰমে মাৰ্চ মাহত এমাহৰ পিছত জামিন লাভ কৰিছিল।