বৰষুণ আৰু কৃত্ৰিম বানত ইতিমধ্যেই জীয়াতু ভোগা গুৱাহাটী মহানগৰীত অনাগত দিনকেইটাতো হ’ব অত্যাধিক বৰষুণ ৷ নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ কৃত্ৰিম বানত ডুব যাব ৰাজ্যখনৰ একমাত্ৰ মহানগৰখন ৷ বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে প্ৰতি ঘণ্টাত দুইৰ পৰা তিনি ছেণ্টিমিটাৰলৈ বৰষুণ হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ উঠিছে গুৱাহাটীত ৷ কৃত্ৰিম বানে পুনৰ জলা-কলা খুৱাব গুৱাহাটীবাসীক ৷ ইফালে ভূমিস্খলনৰো আশংকা কৰা হৈছে মহানগৰীখনত ৷
আনহাতে গুৱাহাটীত আজিৰ তাপমাত্ৰা হ’ব ২৬° চেলছিয়াচ। দিনটোৰ সৰ্বাধিক তাপমাত্ৰা হ’ব ২৭° চেলছিয়াচ , আনহাতে নিম্নতম তাপমাত্ৰা ২৪° চেলছিয়াচ হ’ব বুলি অনুমান কৰা হৈছে।