শেহতীয়াকৈ অসম আৰক্ষীত ৮ সহস্ৰাধিক কনিষ্টবল পদত নিযুক্তি দিয়া হৈছে ৷ সম্পূর্ণ নিকা আৰু স্বচ্চতাৰে এই নিযুক্তিসমূহ প্ৰদান কৰা বুলি দাবী কৰি আহিছে ৰাজ্য চৰকাৰে ৷ কিন্তু ইয়াৰ মাজতে ৪১৪ জন প্ৰার্থীয়ে ভূৱা প্ৰমাণ পত্ৰ দাখিল কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই প্ৰার্থীসকলে কম্পিউটাৰৰ ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ যাৰ বাবে তেওঁলোকৰ প্ৰার্থীত্ব খাৰিজ কৰা হৈছে ৷ ইয়াৰ পাছতে এই প্ৰার্থীসকলৰ বিৰুদ্ধে চি আই ডিত ৰুজু হৈছে ৫/২০২২ গোচৰ ৷ আজি এই গোচৰটোত ৪১৪ জন প্ৰার্থীকে চি আই ডিৰ কার্যালয়লৈ তলব কৰা হৈছে ৷ এই প্ৰার্থীসকলে দাখিল কৰা কম্পিউটাৰ প্ৰমাণ পত্ৰ পুনৰ পৰীক্ষা কৰি চাব চি আই ডিয়ে ৷ আনহাতে বঞ্চিত কেইবা গৰাকী প্ৰার্থীয়ে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে ৷