পাইকাৰী সামগ্ৰীৰ মূল্যবৃদ্ধিয়েও অভিলেখ ৰচিলে ভাৰতত ৷ বিগত সাত মাহ ধৰি একেৰাহে বৃদ্ধি পাই আহিছে পাইকাৰী মূল্যবৃদ্ধিৰ হাৰ ৷ বিগত সাত মাহতে এই হাৰ দুগুণলৈ বৃদ্ধি পাইছে ৷ মঙলবাৰে প্ৰকাশ পোৱা চৰকাৰী তথ্য অনুসৰি, এপ্ৰিল মাহত পাইকাৰী মূল্য সূচাংক (ডব্লিউ পি আই ) ভিত্তিক মুদ্ৰাস্ফীতিৰ হাৰ অভিলেখ সংখ্যক ১৫.১ শতাংশলৈ বৃদ্ধি পাইছে ৷ তদুপৰি শাক-পাচলি, ফল-মূল, গাখীৰ আৰু ইন্ধনৰ মূল্য বৃদ্ধি পাইছে। যোৱা সপ্তাহত প্ৰকাশ পোৱা তথ্য অনুসৰি এপ্ৰিল মাহত খুচুৰা মুদ্ৰাস্ফীতিও ৮ বছৰৰ সৰ্বোচ্চ ৭.৭৯ শতাংশলৈ বৃদ্ধি পাইছিল। সেই হিচাপে জুন মাহত পুনৰ ৰেপ’ হাৰ বৃদ্ধিৰ আশা কৰা হৈছে ৷ গৰমৰ সময়ছোৱাত ফল-মূল, শাক-পাচলি আৰু গাখীৰৰ দৰে নষ্ট হোৱা সামগ্ৰীৰ মূল্য বৃদ্ধি পায়, যিয়ে চাহৰ মূল্য বৃদ্ধিৰ লগতে প্ৰাথমিক খাদ্যৰ মুদ্ৰাস্ফীতিও বৃদ্ধি কৰে। ইন্ধনৰ মুদ্ৰাস্ফীতি ৩৮.৬৬ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে উৎপাদিত সামগ্ৰীৰ মুদ্ৰাস্ফীতি ১০.৮৫ শতাংশলৈ বৃদ্ধি পাইছে।
ডব্লিউ পি আইৰ মুদ্ৰাস্ফীতি বৃদ্ধি হোৱাৰ বাবে জুন মাহৰ মুদ্ৰানীতিত ৰেপ’ বৃদ্ধিৰ সম্ভাৱনা আৰু বৃদ্ধি পাইছে। যোৱা ৪ মে’ত নিজৰ মুদ্ৰানীতি সমিতিৰ এখন অনানুষ্ঠানিক বৈঠকৰ পাছত আৰ বি আইয়ে ৰেপো হাৰ ৪০ বেছিছ পইণ্ট বৃদ্ধি কৰি ৪.৪০ শতাংশ আৰু চি আৰ আৰ ৫০ বেছিছ পইণ্ট বৃদ্ধি কৰি ৪.৫০ শতাংশলৈ বৃদ্ধি কৰে।