অৱশেষত মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্ৰশস্ত হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাৰী ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ হত্যাকাণ্ডত দোষী সাব্যস্ত হোৱা এ জি পেৰাৰিভালনক মুক্তি দিবলৈ নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে ৷ বিগত ৩১ বছৰ ধৰি কাৰাগাৰত বন্দী হৈ আচিল তেওঁ ৷ এই ৰায়দানৰ ফলত এই গোচৰৰ আন ছয়জন দোষীক মুকলি কৰি দিয়াৰ পথ প্ৰশস্ত হ’ব পাৰে ৷ তেওঁলোক হৈছে নলিনী শ্ৰীহৰণ আৰু তেওঁৰ স্বামী মুৰুগান নামৰ শ্ৰীলংকাৰ নাগৰিক।
উচ্চতম ন্যায়ালয়ৰ বিশেষ ক্ষমতাৰ আওতাত ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ নেতৃত্বত ন্যায়াধীশসকলে কয় যে, “ৰাজ্যিক কেবিনেটে প্ৰাসংগিক বিবেচনাৰ ভিত্তিত নিজৰ সিদ্ধান্ত লৈছিল। ১৪২ নং অনুচ্ছেদৰ প্ৰয়োগ কৰি দোষীক মুকলি কৰি দিয়াটো উপযুক্ত।”
ৰায়দানৰ কিছু সময়ৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পেৰাৰিভালানে কয়, “সত্য আৰু ন্যায় আমাৰ পক্ষত আছিল। জনসাধাৰণৰ সমৰ্থন আৰু মৰম অবিহনে এইটো নহ’লহেঁতেন।“এই ৰায়ক আদৰণি জনাইছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ৷
হত্যাকাণ্ডৰ মুল মাষ্টাৰমাইণ্ড লিবাৰেচন টাইগাৰছ অৱ তামিল ইলামৰ সদস্য শিৱাৰাচনক পেৰাৰিভালানে ৯ ভল্টৰ বেটাৰী দুটা ক্ৰয় কৰি দিছিল । ১৯৯১ চনত ৰাজীৱ গান্ধীক হত্যা কৰিবলৈ বোমাটোত ব্যৱহাৰ কৰা হৈছিল এই বেটাৰী। ১৯৯৮ চনত সন্ত্ৰাসবাদ বিৰোধী আদালতে পেৰাৰিভালানক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।পৰৱৰ্তী বছৰ উচ্চতম ন্যায়ালয়ে এই শাস্তি বাতিল কৰিছিল যদিও ২০১৪ চনত ইয়াক যাৱজ্জীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰিছিল।এই বছৰৰ মাৰ্চ মাহত শীৰ্ষ আদালতে তেওঁক জামিন প্ৰদান কৰিছিল। ইয়াৰ কিছু সময়ৰ পিছতে পেৰাৰিভালানে জেলৰ পৰা আগতীয়াকৈ মুকলি কৰি দিবলৈ আবেদন জনাইছিল।