দেশ কঁপাই যোৱা শ্বীনা বৰা হত্যাকাণ্ডৰ মুল অভিযুক্ত ইন্দ্ৰাণী মুখার্জীৰ জামিন আজি মঞ্জুৰ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ ইয়াৰ লগে লগে বিগত ৬ বছৰতকৈয়ো অধিক কাল কাৰাগাৰৰ অন্ধ কুঠৰীত কটোৱা ইন্দ্ৰাণী মুখার্জী কাৰাগাৰৰ পৰা ওলাই অহাৰ পথ প্ৰশস্ত হ’ল ৷
২০১৫ চনৰ পৰা মুম্বাইৰ এখন কাৰাগাৰত বন্দী হৈ থকা ইন্দ্ৰাণী মুখার্জীয়ে চিবিআইৰ বিশেষ আদালতত বাৰে বাৰে জামিনৰ পৰা বঞ্চিত হোৱাৰ পিছত ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।ইন্দ্ৰানী মুখার্জীৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহটগীয়ে যুক্তি আগবঢ়ায় যে তেওঁ মস্তিষ্কৰ ৰোগত আক্ৰান্ত আৰু অহা ১০ বছৰতো এই বিচাৰ শেষ নহ’ব।
উচ্চতম ন্যায়ালয়ে সন্মতি প্ৰকাশ কৰে যে তেওঁ জামিন লাভ কৰিবলৈ যোগ্য কাৰণ ইন্দ্ৰাণীয়ে কাৰাগাৰত “ইতিমধ্যে বহু সময় কটাবলগীয়া হৈছে”। দেশ ত্যাগ নকৰা, সাক্ষীৰ সৈতে যোগাযোগ নকৰা আদি চৰ্তৰে তেওঁক জামিন প্ৰদান কৰা হৈছে।ইন্দ্ৰানী মুখার্জীক সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা স্বামী পিটাৰ মুখার্জীক ২০২০ চনত জামিনত মুকলি কৰি দিয়া হৈছিল।