ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেচন চমুকৈ ডি আৰ ডি অ’ৰ দ্বাৰা নিৰ্মিত প্ৰথমটো ঘৰুৱা বায়ুতে নিক্ষেপ কৰিব পৰা জাহাজ প্ৰতিৰোধী ক্ষেপণাস্ত্ৰৰ আজি ভাৰতে পৰীক্ষামূলকভাৱে নিক্ষেপ কৰে।
#IndianNavy in association with @DRDO_India successfully undertook maiden firing of the first indigenously developed Naval #AntiShip Missile from Seaking 42B helo, today #18May 22 at ITR, Balasore.#AatmaNirbharBharat #MaritimeSecurity@DefenceMinIndia @SpokespersonMoD pic.twitter.com/3AA0F3kIsS
— SpokespersonNavy (@indiannavy) May 18, 2022
ভাৰতীয় নৌসেনাই প্ৰকাশ কৰা অনুসৰি ওড়িশা উপকূলৰ ওচৰৰ বালাছ’ৰত সাগৰীয় পৰীক্ষণ ৰেঞ্জৰ ওপৰেৰে ক্ষেপণাস্ত্ৰ ভৰ্তি ছিকিং ৪২বি হেলিকপ্টাৰৰ পৰা এই মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে ৷ ডি আৰ ডি অ’ই আজি এক বিবৃতিত কয় যে ভাৰতীয় নৌসেনাৰ বাবে ই প্ৰথমটো থলুৱা বায়ুতে নিক্ষেপ কৰা জাহাজ বিৰোধী ক্ষেপণাস্ত্ৰ ব্যৱস্থা।প্ৰতিৰক্ষা গৱেষণা সংস্থাটোৱে কয়, “ক্ষেপণাস্ত্ৰটোৱে ধৰণে উচ্চ মাত্ৰাৰ সঠিকতাৰে নিৰ্দিষ্ট লক্ষ্যত উপনীত হৈছিল সকলো উপ-ব্যৱস্থাই সন্তোষজনকভাৱে প্ৰদৰ্শন কৰিছিল।”
নৌসেনাই টুইট কৰি কয় যে ঘৰুৱা ভাৱে নিৰ্মিত জাহাজ বিৰোধী ক্ষেপণাস্ত্ৰৰ পৰীক্ষামূলক পৰীক্ষণে মিছাইল প্ৰযুক্তিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ ৷ ক্ষেপণাস্ত্ৰটোত হেলিকপ্টাৰখনৰ বাবে ঘৰতে বনোৱা লঞ্চাৰকে ধৰি বহু নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছিল।ডি আৰ ডি অ’ আৰু ভাৰতীয় নৌসেনাৰ জ্যেষ্ঠ বিষয়াসকলে এই পৰীক্ষা-নিৰীক্ষা প্ৰত্যক্ষ কৰে। পিছত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সফল টেষ্ট ফায়াৰিঙৰ বাবে ডি আৰ ডি অ’, নৌসেনা আৰু আনুষংগিক দলসমূহক অভিনন্দন জনায়।