যদি আপুনি আপোনাৰ কন্যাৰ ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰাৰ কথা চিন্তা কৰিছে,তেন্তে আপুনি কেন্দ্ৰীয় চৰকাৰৰ সুকন্যা সমৃদ্ধি আঁচনিৰ দ্বাৰা লাভাৱম্বিত হ’ব পাৰে।এই চৰকাৰী আঁচনিৰ যোগেদি আপুনি অতি কম পৰিমাণৰ ধন বিনিয়োগ কৰি অধিক লাভাম্বিত হৈ কন্যাৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে।
সুকন্যা সমৃদ্ধি আঁচনি চমুকৈ এছ এছ ৱাই হৈছে এনে এখন আঁচনি যি কেৱল আপোনাৰ কন্যাৰ ভৱিষ্যত সুৰক্ষিতেই নকৰে ই আপোনাৰ আয়কৰ ৰাহিৰ ক্ষেত্ৰতো সহায় কৰিব।বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত আৰম্ভ হোৱা এই আঁচনি হৈছে ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ ভিতৰত অধিক সুতৰ হাৰ প্ৰদান কৰা আঁচনি।
অতি কম বিনিয়োগ কৰি আপুনি এই আঁচনিৰ সুবিধা আদায় কৰিব পাৰে। এটা বিত্তীয় বৰ্ষত মাত্ৰ ২৫০ টকা জমা কৰিব লাগিব।অৱশ্যে এটা বিত্তীয় বৰ্ষত এবাৰতে বা বহুবাৰ একাউন্টটোত ১.৫ লাখতকৈ অধিক জমা কৰিব নোৱাৰি।
৮ বছৰ পিছত আপোনাৰ কন্যাৰ উচ্চ শিক্ষাৰ বাবে এই আঁচনিৰ অধীনত ৫০ % ধন উলিয়াব পাৰিব। আনহাতে আয়কৰ ৰেহাইৰ সৈতে থকা এছ এছ ৱাইত ৭.৬% হাৰত সুত পৰিশোধ কৰা হ‘য়।এই আঁচনিৰ অধীনত কোনো এটা একাউন্ট আপুনি ডাকঘৰ বা বাণিজ্যিক শাখাৰ এটা কৰ্তৃত্বপ্ৰাপ্ত শাখাত খুলিব পাৰে।
উল্লেখযোগ্য যে সুকন্যা সমৃদ্ধি যোজনাৰ একাউন্ট খোলাৰ পিছত ইয়াক কন্যা সন্তানটি ১৮ বছৰৰ পিছত অৰ্থাৎ বিয়া নোহোৱালৈকে চলাব পাৰে।অৰ্থাৎ বিয়াৰ পিছত এই একাউন্টটো বন্ধ কৰিব পাৰিব।