তেলেংগানাৰ হায়দৰাবাদত আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৷ দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ চাৰিজন অভিযুক্তক ইচ্ছাকৃতভাৱে গুলীয়াই হত্যা কৰিছিল আৰক্ষীয়ে ৷ উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া আয়োগে দাখিল কৰা কমিটীৰ এই প্ৰতিবেদনত প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য ৷ হায়দৰাবাদ আৰক্ষীৰ গুলীত নিহত চাৰিজনৰ ভিতৰত তিনিজন নাবালক আছিল।
উচ্চতম ন্যায়ালয়ে আজি হায়দৰাবাদত দলবদ্ধ ধৰ্ষণ হত্যাৰ গোচৰত চাৰিজন অভিযুক্তৰ এনকাউণ্টাৰ হত্যাৰ সন্দৰ্ভত তিনিজনীয়া তদন্ত আয়োগৰ ছীল কৰা কভাৰ ৰিপৰ্ট ৰাজহুৱা কৰাৰ নিৰ্দেশ দিছিল ৷ বিষয়টো তেলেংগানা উচ্চ ন্যায়ালয়লৈ হস্তান্তৰ কৰি অধিক ব্যৱস্থা গ্ৰহণ কৰাৰ নির্দেশ দিছিল ৷ ।মুখ্য ন্যায়াধীশ এন ভি ৰমন আৰু ন্যায়াধীশ সূৰ্য কান্ত আৰু হিমা কোহলীৰে গঠিত এখন বিচাৰপীঠে জ্যেষ্ঠ অধিবক্তা শ্যাম দিৱনে প্ৰতিবেদনখন ছীল কৰা আৱৰণত ৰখাৰ দাবীত সন্মতি প্ৰকাশ কৰা নাছিল।বিচাৰপীঠে কয় যে, “এয়া এনকাউণ্টাৰ কেছৰ সৈতে জড়িত। ইয়াত লুকাই ৰাখিবলৈ একো নাই। আয়োগে কাৰোবাক দোষী সাব্যস্ত কৰিছে। আমি বিষয়টো উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰিব বিচাৰিছো। আমি গোচৰটো উভতাই উচ্চ ন্যায়ালয়লৈ পঠিয়াব লাগিব, আমি এই গোচৰটো নিৰীক্ষণ কৰিব নোৱাৰো। এটা বিশদ প্ৰতিবেদন দাখিল কৰা হৈছে । কি উচিত ব্যৱস্থা ল’ব লাগে সেই সন্দর্ভত তেওঁলোকে কিছু পৰামৰ্শ আগবঢ়াইছে ৷” ইয়াৰ পূৰ্বে চাৰিজন অভিযুক্তৰ এনকাউণ্টাৰ হত্যাকাণ্ডৰ তদন্ত কৰা শীৰ্ষ আদালতৰ ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত )ভিএছ ছিৰপুৰকাৰৰ নেতৃত্বত আয়োগৰ ছীল কভাৰত থকা প্ৰতিবেদনখন অধিবক্তাসকলক প্ৰদান কৰিবলৈ বিচাৰপীঠে অস্বীকাৰ কৰিছিল।