বিশ্বজুৰি ক’ভিডৰ দ্বিতীয় ঢৌ কিছু হ্ৰাস পাইছে যদিও ভাৰতবৰ্ষত কালি দিনটোৰ ভিতৰত আক্ৰান্তৰ সংখ্যা ১২ হাজাৰ বৃদ্ধি পাইছে। অৰ্থাৎ দেশত কালি দিনটোৰ ভিতৰত ৪২,৬২৫ জন নতুনকৈ আক্ৰান্তৰ চিনাক্ত হোৱাৰ লগতে ৫৬২ জনৰ মৃত্যু হৈছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি ইয়াৰ এদিন পূৰ্বে দেশত নতুনকৈ আক্ৰান্তৰ সংখ্যা আছিল ৩০,৫৪৯ জন।সেই অনুসৰি এদিনত প্ৰায় ১২ হাজাৰ ক‘ভিড আক্ৰান্ত বৃদ্ধি পালে।আনহাতে বৰ্তমান দেশত সক্ৰিয় ৰোগীৰ সংখ্যা পূৰ্বতকৈ ৫,৩৯৫ জন বৃদ্ধি পাই ৪,১০,৩৫৩ জন হৈছেগৈ।
তাৰবিপৰীতে কালিৰ দিনটোত মুঠ ৩৬,৬৬৮ জন লোকে আৰোগ্য লাভ কৰিছে।এই সকলো ধৰি দেশত মুঠ আৰোগ্যৰ সংখ্যা হৈছেগৈ ৩,০৯,৩৩,০২২ জন।
ইফালে কালিৰ দিনটোত আক্ৰান্তৰ সংখ্যা দেশৰ ভিতৰত কেৰেলাত সৰ্বাধিক পোৱা গৈছে।অৰ্থাৎ শীৰ্ষস্থানত থকা কেৰেলাত কালিৰ দিনটোত ২৩,৬৭৬ জন কৰ‘না ৰোগী ধৰা পৰিছে। ইয়াৰপিছতে মহাৰাষ্ট্ৰত ৬,০০৫ জন,তামিলনাডুত ১,৯০৮ জন,কৰ্নাটকত ১,৬৭৪ জন আৰু অন্ধ্ৰপ্ৰদেশতো ১,৯০৮ জন কৰ‘না সংক্ৰমণ ধৰা পৰিছে।
যোৱা ২৪ ঘন্টাত দেশত মৃত্যু হোৱা ৫৬২ জন আক্ৰান্তৰ ভিতৰত কেৰেলাত সৰ্বাধিক ১৪৮ জন মৃত্যু হোৱাৰ পিছতেই মহাৰষ্ট্ৰত ১১৭ জন কৰ‘না ৰোগীৰ মৃত্যু হৈছে।
অন্যহাতে যোৱা ২৪ ঘন্টাত দেশত ৬২,৫৩,৭৪১ পালি কৰ‘না প্ৰতিষেধক প্ৰদান কৰা হৈছে।অৰ্থাৎ দেশত কালিলৈকে মুঠ ৪৮,৫২,৮৬,৫৭০ জনক ক‘ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে।