আমাৰ শৰীৰৰ তেজত আয়োডিনৰ পৰিমাণ যেতিয়া হ্ৰাস হয় , তেতিয়াই থাইৰয়ড নিঃসৃত কৰা থাইক্সিন আৰু ট্ৰাইআয়ড থাইৰ’নিন নামৰ হৰম’ন দুবিধৰ উৎপাদন কমি আহে। এই হৰম’ন দুবিধ বৃদ্ধি কৰিবৰ বাবে আমাৰ মগজুৰ পিটুইটাৰী নামৰ গ্ৰন্থিটোৰ পৰা বাহিৰ হোৱা টি এছ এইচ নামৰ এবিধ হৰম’ন থাইৰয়ড গ্ৰন্থিৰ কোষবোৰক অহৰহ সকীয়াই থকাৰ ফলত থাইৰয়ড গ্ৰন্থিৰ কোষবোৰ বাঢ়িবলৈ ধৰে আৰু তেতিয়া থাইৰয়ড গ্ৰন্থি ফুলি উঠে। এতিয়া বুজা গ’ল যে দেহত আয়োডিনৰ পৰিমাণ হ্ৰাস হ’লেই থাইৰয়ড গ্ৰন্থি ফুলি উঠে অৰ্থাৎ গৰল বা ‘গাইটাৰ ‘ ৰোগ হয়। প্ৰাপ্তবয়স্ক বা গৰ্ভৱতী অৱস্থাটো গৰল ৰোগ হ’ব পাৰে যাক ফিজিঅ’ল’জিকেল গইটাৰ বুলি কোৱা হয়।
থাইৰয়ড গ্ৰন্থি ফুলি উঠা অৰ্থাৎ গৰল ৰোগ অনেক সময়ত বংশানুক্ৰমে হোৱাও দেখা যায়। মাক-দেউতাক এই ৰোগত আক্ৰান্ত হ’লে তেওঁলোকৰ ল’ৰা-ছোৱালীও গৰল ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা খুবেই বেছি। কিছুমান ঔষধৰ কাৰণেও গৰল ৰোগ হ’ব পাৰে।
পানীত থকা কিছুমান বিশেষ ধৰণৰ বেক্টেৰিয়াৰ পৰাও গৰল ৰোগ হোৱাৰ সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি।
যিবিলাক খাদ্যদ্ৰব্যই গৰল ৰোগ হোৱাত সহায় কৰে তেনে বস্তুক গয়ট্ৰোজেন বুলি কোৱা হয়। এনে গয়ট্ৰোজেন খাদ্যদ্ৰব্যৰ ভিতৰত বন্ধাকবি , ফুলকবি , ওলকবি আদিয়েই প্ৰধান। থাইৰয়ড গ্ৰন্থিৰ ৰোগীয়ে এনে খাদ্যদ্ৰব্য খাব নালাগে।