জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰাম মঙলবাৰে কিছুসময়ৰ বাবে বন্ধ হৈ পৰে ৷ যাৰ ফলত বহু ব্যৱহাৰকাৰীয়ে লগইন কৰি ইনষ্ট্ৰাগ্ৰাম ব্যৱহাৰ কৰাত অসুবিধাৰ সন্মুখীন হৈছিল ৷ একাধিক ব্যৱহাৰকাৰীয়ে টুইটাৰযোগে ইনষ্টাগ্ৰাম তেওঁলোকৰ বাবে কাম কৰা নাই বুলি সদৰী কৰে । আন একাংশ ব্যৱহাৰকাৰীয়ে ফিড ৰিফ্ৰেছ কৰিব পৰা নাই বুলি প্ৰকাশ কৰাৰ বিপৰীতে আন কিছুমানে এপটোত লগ ইন কৰিবলৈ সক্ষম হোৱা নাছিল বুলি জানিবলৈ দিছে ।
‘ডাউন ডিটেক্টৰে” এ নিশ্চিত কৰিছে যে একাধিক কাৰণত এই সেৱা বন্ধ হৈ পৰিছে। মঙলবাৰে পুৱা প্ৰায় ৯:৪৫ বজাত ব্যৱহাৰকাৰীসকলে সমস্যাৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে আৰু নিশা প্ৰায় ১২:৪৫ বজালৈকে এই সমস্যা অব্যাহত থাকে। দিল্লী, জয়পুৰ, লক্ষ্ণৌ, মুম্বাই, বেংগালুৰু আদি বহু চহৰৰ ব্যৱহাৰকাৰীসকলে এই সমস্যাৰ সন্মুখীন হয় ৷
কিন্তু পূৰ্বৰ দৰে এইবাৰ সকলো ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে এপটো ডাউন হোৱা নাছিল। কিছুমান ব্যৱহাৰকাৰীয়ে এই সময়ছোৱাত প্লেটফৰ্মটো ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে। এই ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ একাউণ্টত লগইন কৰাৰ লগতে তেওঁলোকৰ ফিডসমূহ ৰিফ্ৰেজ কৰা আৰু নতুন প্ৰফাইল খোলাকে ধৰি প্লেটফৰ্মৰ সকলো দিশ ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছিল।যোৱা মাহত ১৯ এপ্ৰিল নিশা সংঘটিত হোৱাকে ধৰি যোৱা কেইমাহমানত প্লেটফৰ্মটোৱেও একাধিক একেধৰণৰ বিচ্ছিন্নতাৰ সন্মুখীন হৈছিল ৷