আজি লোকনায়ক অমিয় কুমাৰ দাসৰ ওপজা দিন । ১৮৯৫ চনৰ আজিৰ দিনটোতে তেওঁ নগাঁৱত জন্ম লাভ কৰিছিল । তেওঁ এগৰাকী সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, লেখক তথা শিক্ষাবিদ আছিল । তেওঁ অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীও আছিল । শিক্ষা, শ্ৰম আৰু অসামৰিক যোগান দপ্তৰৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালিছিল তেওঁ । গান্ধীজীৰ আত্মজীৱনী The story of My Experiments with Truth খন তেওঁ ‘মোৰ সত্য অন্বেষণৰ কাহিনী’ নামেৰে অসমীয়ালৈ অনুবাদ কৰিছিল । গান্ধীবাদী সমাজসেৱিকা পুষ্পলতা দাস তেওঁৰ পত্নী আছিল । ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ সন্মান প্ৰদান কৰিছিল । ভাৰতীয় ডাক বিভাগে তেওঁৰ নামত এটা ডাক টিকটো প্ৰৱৰ্তন কৰিছিল । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট ভাৰতীয় ভাস্কৰ তথা চিত্ৰশিল্পী ৰামকিংকৰ বেইজৰ ওপজা দিন । ১৯০৬ চনৰ আজিৰ দিনটোতে তেওঁ পশ্চিম বংগৰ বানকুৰাত জন্ম লাভ কৰিছিল । তেওঁ আছিল আধুনিক ভাৰতীয় ভাস্কৰ্য শিল্পৰ অন্যতম বাটকটীয়া । গুৱাহাটীৰ শৰণীয়া পাহাৰৰ গান্ধীমণ্ডপত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছিল এইগৰাকী শিল্পীয়ে । ১৯৭০ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ সন্মান প্ৰদান কৰে । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।